আইটিচি ছানফিষ্টে মুকলি কৰিলে শিশুৰ বাবে পুষ্টিকৰ বিস্কুট ‘ছুপাৰ এগ এণ্ড মিল্ক’

160

গ্ৰাহকসকলৰ বাবে নতুন আৰু অভিনৱ অভিজ্ঞতা কঢ়িয়াই অনাৰ বাবে সদা পৰিচিত প্ৰতিষ্ঠান আইটিচি ছানফিষ্টে আজি কুকুৰা আৰু গৰুৰ সৈতে সম্পৰ্কিত বিশেষ সন্মিলনৰ আয়োজন কৰে। এই অনুষ্ঠানত সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিসকলৰ মাজত এক তথ্যভিত্তিক আলোচনা অনুষ্ঠিত হয়, য’ত উপস্থিত ব্যক্তিসকলে হাস্যৰসেৰে গাখীৰ আৰু কণীক শিশুৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে সঠিক পুষ্টি প্ৰদানৰ ক্ষেত্ৰত নিজৰ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইতিবাচক কথা-বতৰাৰ পিছত অভিজ্ঞ ব্যক্তিৰ উপস্থিতিত বৃহৎ আলোচনা চক্ৰৰ আয়োজন কৰা হয়, য’ত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় কণী সমন্বয় সমিতি(এনইচিচি) পশ্চিম বংগৰ অধ্যক্ষ মদন মোহন মাইতি, আইডিএ পূব মণ্ডলৰ উপাধ্যক্ষ ড০ দুলাল চন্দ্ৰ সেন, ক্লিনিকেল নিউট্ৰিচনিষ্ট আৰু লাইফষ্টাইল কনচালটেণ্ট ডাঃ অনন্যা ভৌমিক, চেলিব্ৰিটী মম কনীনিকা বেনাৰ্জী, নৌৰিচ্চিং স্কুলৰ সহ-প্ৰতিষ্ঠাপক তথা চিইঅ” অৰ্চনা সিনহাই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

এই আলোচনা চক্ৰত উপস্থিতসকলে অনুভৱ কৰে যে, শিশুৰ বিকাশৰ বছৰবোৰত কণী আৰু গাখীৰ দুয়োটাই অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ই ভিটামিন এ, ডি, ই, আইৰণ আদিৰ দৰে আন বহুতো পুষ্টিকৰ উপাদান আৰু প্ৰটিনৰ অন্যতম উৎস কণী-গাখীৰ। শিশুসকলৰ বাবে গাখীৰ আৰু কণী ব্যৱহাৰ অধিক ৰোমাঞ্চকৰ-আকৰ্ষণীয় কৰাৰ অভিনৱ উপায়ৰ বিষয়ে আলোচনা কৰা হৈছিল অনুষ্ঠানত। একে ধৰণৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভিত্তি কৰি কণী আৰু গাখীৰ বিস্কুটৰ বাবে উদ্যোগৰ ব্যৱধান বুজি পোৱা, আইটিচি চানফিষ্টে আজি নিজৰ শেহতীয়াকৈ উদ্ভাৱন কৰা খাদ্য সামগ্ৰী চানফিষ্ট চুপাৰ এগ এণ্ড মিল্ক বিস্কুট, ‘গুডনেছ অৱ প্ৰটিন’ৰ সৈতে মুকলি কৰিছে। আইটিচিৰ প্ৰডাক্ট ডেভেলপমেণ্ট টীমে এই বিস্কুট সযতনে তৈয়াৰ কৰিছে যাতে শিশুৱে ছুপাৰ ক্ৰাঞ্চৰ সৈতে সুস্বাদু আৰু মুখত গলি যোৱা অনুভৱৰ লগতে পুষ্টি লাভ কৰাটো নিশ্চিত কৰে। ইয়াৰ উপৰিও “ছুপাৰ কম্বো, ছুপাৰ টেষ্টি” টেগলাইনে ব্ৰেণ্ডটোৰ গ্ৰাহকসকলক ‘আপোনাৰ বাবে ভাল বা গুড ফৰ ইউ’ সামগ্ৰী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰতিফলিত কৰিলে।

আইটিচি ফুডছৰ বিস্কুট এণ্ড কেক ক্লাষ্টাৰৰ চিঅ’অ’ আলী হেৰিছ শ্বেৰে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “গ্ৰাহকসকলৰ ওপৰত আমাৰ গৱেষণাই এই কথা প্ৰমাণ কৰিছে যে, মাতৃসকলে কণী আৰু গাখীৰক শিশুৰ বাবে অপৰিহাৰ্য খাদ্য বুলি গণ্য কৰে, অৱশ্যে ব্যক্তিগতভাৱে এই উপাদানসমূহ শিশুৰ বাবে বিশেষকৈ ঘৰৰ বাহিৰত খোৱাৰ বাবে বৰ সুবিধাজনক নহয়। মাতৃসকলে এই পুষ্টিকৰ উপাদানসমূহ যোগান ধৰিব বিচাৰে যদিও বজাৰত বৰ্তমানৰ সামগ্ৰীসমূহত দুয়োটাৰে সংমিশ্ৰিত খাদ্যসামগ্ৰী নাই। ইয়াৰ ফলত আমি আমাৰ প্ৰডাক্ট ডেভেলপমেণ্ট টীমৰ সৈতে কাম কৰি এই দুয়োটা প্ৰয়োজনীয় খাদ্য উপাদান বিস্কুটৰ আকাৰত উপলব্ধ কৰি দৈনন্দিন ব্যৱহাৰৰ বাবে সুবিধাজনক কৰি তুলিছোঁ। ভাৰতৰ বিভিন্ন সুলভ মূল্যৰ বিপণীত আমি প্ৰথমবাৰলৈ কণী আৰু গাখীৰৰ সৈতে বিস্কুটৰ প্ৰচলন কৰিছোঁ।” সমগ্ৰ দক্ষিণ আৰু পূব ভাৰতত উপলব্ধ হ’ব লগা ছানফিষ্ট এগ এণ্ড মিল্ক বিস্কুটৰ মূল্য ক্ৰমে ৫ টকা, ১০ টকা আৰু ৩০ টকা। আইটিচিত পৰিৱৰ্তনশীল লাইফষ্টাইল আৰু গ্ৰাহকৰ অগ্ৰাধিকাৰৰ বাবে গ্ৰাহকক মূল্য-সংযোজিত খাদ্য প্ৰদান কৰাৰ এক নিৰন্তৰ প্ৰয়াস চলি আহিছে। আইটিচিৰ পুষ্টি ষ্ট্ৰেটেজী ‘হেল্প ইণ্ডিয়া ইট বেটাৰ’ ফ্ৰেমৱৰ্কৰ অংশ হিচাপে আইটিচিয়ে  গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু গ্ৰাহকক সঠিক সামগ্ৰী বাছনি কৰাত সহায় কৰিবলৈ বৈজ্ঞানিক-আধাৰিত, উপভোক্তা নেতৃত্বাধীন সামগ্ৰীৰ বিকাশ, কৃষি আদিত নিজৰ শক্তি ব্যৱহাৰ কৰি আহিছে।