এই সংগঠন ইয়াৰ উদ্দেশ্যৰ লগত যোৱা ত্রিশ বছৰে জড়িত। এই সংগঠনৰ উত্তৰ পূৰ্বাঞ্চলৰ গোটেই কেইখন প্রদেশ-সদস্য। সেই সূত্রে অসম, মেগালয়, মনিপুৰ, নগালেও, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু চিক্কিম NEDSৰ অর্ন্তভুক্ত। NEDSয়ে অহা ১৪ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ গোটানগৰ অৱস্থিত বৰাগাঁওৰ হোটেল ৰেডিচন বহুত (RADISSON BLU) ইয়াৰ ত্ৰিশ বছৰ পূৰ্ণ হোৱা উপলক্ষে ইয়াৰ ত্রিবার্ষিক সমাৰোহ অনুষ্ঠিত কৰিবলৈ গৈ আছে।
ডায়েবেটিছ এবিধ অসংক্রামক (Non Communicable) ৰোগ য’ত শৰীৰৰ তেজৰ শৰ্কৰা (Glucose) বৃদ্ধি পায়। দীর্ঘদিন তেজৰ শৰ্কৰা চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণ নকৰিলে শৰীৰৰ অঙ্গ ক্ষতি হয়। ডায়েবেটিছ ৰোগীয়ে উচিত চিকিৎসা নকৰিলে পিছলৈ চকু, হৃদযন্ত্র (Heart), বৃক্ক (Kidney), স্নায়ুতন্ত্র (Nerve) আদিৰ ৰোগত ভোগে। NEDSৰ দ্বাৰা আয়োজিত হ’ব লগা সম্মিলনত ডায়েবেটিছ ৰোগৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ’ব। দেশ বিদেশৰ অন্যতম পুৰোধা চিকিৎসক আৰু গৱেষকে ডায়েবেটিৰ ভিন ভিন দিশৰ ওপৰত তিনিদিন ধৰি তেখেত সকলৰ বক্ততা প্রদান কৰিব।
এই সম্মিলনত প্রায় ৪০০ৰো অধিক চিকিৎসক আৰু চিকিৎসা কর্মীয়ে অংশ লোৱাৰ আশা আছে। তিনিদিনীয়া এই সম্মিলনে ডায়েবেটিছ ৰোগৰ চিকিৎসক আৰু এই চিকিৎসাৰ লগত জড়িত বিভিন্ন জনক ডায়েবেচিছ চিকিৎসা বিধিৰ আধুনিক ধাৰনাৰ লগত চিনাকি কৰাই দিব বুলি আশা আছে।
