পুনেত অনুষ্ঠিত উদ্বোধনী ৰেচত চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে(আইএছআৰএল) অপ্ৰত্যাশিত আৰু অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে, এই ৰেচত বিগৰক মটৰস্প’ৰ্টৰ ৰেচাৰে প্ৰথম ৰেচত দল হিচাপে প্ৰথম স্থান লাভ কৰিছে। পুনেৰ দৰ্শকৰ সমুখত ৪৫০ চিচি আন্তঃৰাষ্ট্ৰীয় ৰেচত হোণ্ডা চলাই বিবি ৰেচিঙৰ ফ্ৰান্সৰ জৰ্ডি টিক্সিয়াৰে প্ৰথম স্থান দখল কৰে। কাৱাছাকিত উঠি বিগৰক মটৰস্প’ৰ্টৰ অষ্ট্ৰেলিয়ান ৰেচাৰ ৰিড টেইলৰে ২৫০ চিচিৰ আন্তঃৰাষ্ট্ৰীয় ৰেচত নেতৃত্ব প্ৰদান কৰি দলটোক আগুৱাই লৈ যায়। কাৱাছাকিত আৰোহণ কৰি বিগৰক মটৰস্প’ৰ্টৰ থাইলেণ্ডৰ থানাৰাটপেঞ্জনে টীমটোক অতিৰিক্ত সহায় প্ৰদান কৰি ২৫০ চিচি ইণ্ডিয়া এছিয়া মিক্সত জয়লাভত সহায় কৰে।
চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ সহ-প্ৰতিষ্ঠাপক আৰু সঞ্চালক বীৰ পেটেলে ছিজন ১ৰ প্ৰথম ৰেচে প্ৰদান কৰা প্ৰদৰ্শন আৰু পৰিৱেশৰ বলত চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে ভাৰতক বিশ্বৰ বাবে চুপাৰক্ৰছৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰিব বুলি আশা প্ৰকাশ কৰে। পুনেত অনুষ্ঠিত চিজন ১ৰ প্ৰথম ৰেচত ৪টা কেটেগৰীত আন্তঃৰাষ্ট্ৰীয় চেম্পিয়ন আৰু উদীয়মান ভাৰতীয় তাৰকাসকলৰ এক আকৰ্ষণীয় লাইন-আপ প্ৰদৰ্শন কৰা হৈছিল: ৪৫০চিচি ইণ্টাৰনেচনেল ৰাইডাৰ, ২৫০চিচি আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ, ২৫০চিচি ভাৰত-এছিয়া মিক্স আৰু তীব্ৰ প্ৰতিযোগিতামূলক ৮৫চিচি জুনিয়ৰ কেটেগৰী।
এই লীগে সকলো বয়স আৰু দক্ষতাৰ স্তৰৰ চালকসকলৰ বাবে এক সুৰক্ষিত আৰু প্ৰতিযোগিতামূলক পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য সমুখত ৰাখিছে। পুনেত এক ইতিবাচক আৰম্ভণিৰ পিছত ১১ ফেব্ৰুৱাৰীত হ’ব লগা আহমেদাবাদৰ ট্ৰেন্সষ্টেডিয়াৰ ইকেএ এৰেনালৈ সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে। লীগৰ চূড়ান্ত প্ৰতিযোগিতাখন ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব৷ চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে ২০২৪ চনৰ ২৫ ফেব্ৰুৱাৰীত দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া অন্তিম ৰেচৰ জৰিয়তে ৰোমাঞ্চকৰ ছিজনৰ সমাপ্তি ঘটিব।