দেশজোৰা সম্প্ৰসাৰণ পৰিকল্পনাৰ সৈতে ছিজন ২ৰ বাবে সাজু ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ, ১৫খন ষ্টেডিয়ামৰ মূল্যায়ন

882

সমগ্ৰ দেশকে ৰেচিঙৰ জ্বৰত আক্ৰান্ত কৰাৰ লক্ষ্যৰে ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে(আইএছআৰএল) বহু প্ৰত্যাশিত দ্বিতীয় ছিজনৰ বাবে ভাৰতৰ ১৫খন ষ্টেডিয়ামত সম্ভাৱ্য ৰেচৰ বাবে মূল্যায়ন কৰিছে। আইএছআৰএলৰ প্ৰথমটো ছিজনতে ৯০%তকৈ অধিক আসনত উপস্থিতিৰে দৰ্শকৰ সমাদৰ লাভ কৰিছিল আৰু সামগ্ৰিকভাৱে প্ৰায় ৩০,০০০ উৎসাহী অনুৰাগীক আকৰ্ষণ কৰি এক যুগান্তকাৰী সাফল্য অৰ্জন কৰিছে। ভাৰতীয় মটৰস্প’ৰ্টছৰ এক মাইলৰ খুঁটি ইভেণ্ট হিচাপে প্ৰশংসিত হোৱা এই উদ্বোধনী ছিজনটোৰ পিছতে আইএছআৰএলে ছিজন ২ৰ বাবে নতুন শিখৰ স্থাপন কৰিব খুজিছে, ইয়াৰ বাবে ৰেচত গতি আৰু দক্ষতাৰ আৰু অধিক আকৰ্ষণীয়-নান্দনিক দৃশ্যৰ প্ৰতিশ্ৰুতি দিছে। লীগৰ জনপ্ৰিয়তাৰ দ্ৰুত উত্থানে নতুন দিগন্তৰ সন্ধান কৰাৰ বাবে প্ৰেৰণা যোগাইছে। দেশৰ ১৫খন আগশাৰীৰ ষ্টেডিয়ামৰ মূল্যায়নে ছুপাৰক্ৰছ ৰেচিঙক ন ন অঞ্চললৈ সম্প্ৰসাৰণৰ দিশত কৌশলগত পদক্ষেপৰ ইংগিত দিছে, যাৰ ফলত দেশজুৰি অনুৰাগীসকলৰ বাবে অধিক সুলভ কৰি সকলোৰে মাজলৈ কাষ চপাই নিব।

আগন্তুক ছিজনৰ বাবে নিজৰ উত্সাহ প্ৰকাশ কৰি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ সহ-প্ৰতিষ্ঠাপক আৰু সঞ্চালক বীৰ পেটেলে অনুৰাগী আৰু অংশগ্ৰহণকাৰীসকলৰ পৰা পোৱা সমৰ্থনত আপ্লুত হৈ পৰে আৰু ৰেচৰ বাবে আগবঢ়োৱা এই সমৰ্থনে আইএছআৰএলৰ সম্প্ৰসাৰণ অভিযানৰ চালিকা শক্তি বুলি উল্লেখ কৰে। দেশৰ অধিক দৰ্শকক আকৰ্ষণ আৰু ছুপাৰক্ৰছক ভাৰত আৰু বিশ্বৰ নতুন উচ্চতালৈ আগুৱাই নিয়াৰ লক্ষ্যৰে বৃহৎ, সাহসী আৰু দ্ৰুত অভিজ্ঞতা প্ৰদানৰ লীগৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আগন্তুক দ্বিতীয় ছিজনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰসকলৰ দক্ষতা প্ৰদৰ্শন কৰাৰ প্ৰতিশ্ৰুতি দিয়াই নহয় লগতে ভাৰতত ছুপাৰক্ৰছৰ ক্ৰমবৰ্ধমান দৃশ্যপটৰ সৈতে নিজকে একাকাৰ কৰিবলৈ গ্লবেল ব্ৰেণ্ডসমূহৰ বাবে এক প্লেটফৰ্ম হিচাপেও কাম কৰে। মটৰস্প’ৰ্টছৰ এই বিপ্লৱক আগুৱাই নিয়াৰ লক্ষ্যৰে আইএছআৰএলে এক অভিলেখ সৃষ্টিকাৰী ছিজনৰ বাবে সাজু হৈছে, যিয়ে অনুৰাগী-দৰ্শকসকলক নতুন সোৱাদ প্ৰদান কৰিব।

প্ৰথমটো ছিজনৰ সফলতা আইএছআৰএলক পৰিচালিত দূৰদৰ্শী শক্তিশালী টীম ছুপাৰক্ৰছ ইণ্ডিয়া(এছএক্সআই)ৰ আঁৰত আছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ৰেচাৰ বীৰ পেটেল, ঈশান লোখাণ্ডে আৰু অশ্বিন লোখাণ্ডে। পূৰ্বৰ সমৃদ্ধ অভিজ্ঞতা আৰু এই খেলবিধৰ প্ৰতি থকা অটল আবেগৰ আধাৰত  ছুপাৰক্ৰছ ৰেচিঙক বিশ্বব্যাপী ন ৰূপত সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে, যিয়ে উত্তেজনা আৰু শ্বাসৰুদ্ধকাৰী-ইন্ধনযুক্ত খেলৰ নতুন যুগৰ সূচনা কৰিছে।