ইৰাণৰ লগত যুদ্ধবিৰতিৰ পাছতে পুনৰ গাজাত আক্ৰমণ চলাইছে ইজৰাইলে। শেহতীয়াকৈ গাজাত কৰা আক্ৰমণত প্ৰায় ১৮ জন লোক নিহত হয়। ঘটনাৰ সময়ত লোকসকলে খাদ্য সংগ্ৰহ কৰি আছিল।ইৰাণৰ সৈতে যুদ্ধ বিৰতিৰ পাছতে এতিয়া গাজাত ত্ৰাসৰ পৰিৱেশে বিৰাজ কৰিছে। গাজাৰ ওপৰত ইজৰাইলে অহৰহ আক্ৰমণ চলাই গৈছে। শেহতীয়াকৈ বৃহস্পতিবাৰে ইজৰাইলে গাজাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে, য’ত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, সেই সময়ত লোকসকলে পেলেষ্টাইন আৰক্ষীৰ পৰা আটাৰ বস্তা সংগ্ৰহ কৰিছিল। এই আটাৰ বস্তাসমূহ সাহাৰ্য সামগ্ৰী লুণ্ঠনকাৰী দলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল।
