লেবাননৰ হিজবুল্লাহৰ শিবিৰত ইজৰাইলী বিমান আক্ৰমণত ৪৯২ জন লোক নিহত

278

লেবাননৰ হিজবুল্লাহৰ শিবিৰত ইজৰাইলী বিমান আক্ৰমণত ৪৯২ জন লোক নিহত হৈছে।লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে এইটো নিশ্চিত কৰিছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে মৃতসকলৰ ভিতৰত ৩৫ টা শিশু আৰু ৫৮ গৰাকী মহিলা আছে। এই আক্ৰমণত ১৬৪৫ জন লোক আহত হৈছে।

 ইজৰাইলী সেনাই কৈছে যে তেওঁলোকে হিজবুল্লাহৰ ১৩০০ টা শিবিৰত আক্ৰমণ কৰিছে। এই আক্ৰমণে হাজাৰ হাজাৰ পৰিয়ালক তেওঁলোকৰ ঘৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য কৰিছে। ইজৰাইলী সেনাৰ মতে, হিজবুল্লাহই উত্তৰ ইজৰাইললৈ ২০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰিছে।

ইয়াত দুজন লোক আহত হৈছে। ইজৰাইল আৰু লেবাননৰ হিজবুল্লাহ যোদ্ধাসকলৰ মাজত হোৱা এই সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত, বহুতো দেশে দুয়োপক্ষক সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বিশ্বৰ নেতাসকলে আশংকা কৰিছে যে সংঘৰ্ষটো এটা ডাঙৰ যুদ্ধলৈ ৰূপান্তৰিত হ’ব পাৰে।