IPL2021: পঞ্জাৱ কিংগছৰ হাতত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ

90

আইপিএল ইতিহাসৰ আটাইতকৈ সফল দল মুম্বাই ইণ্ডিয়ানছৰ বাবে এই চিজন যেন কঠোৰ প্ৰত্যাহ্বান। একেৰাহে দুখন মেচত পৰাজিত হোৱাৰ পিছত পৰৱৰ্তী দুখন মেচত জয়লাভ কৰি যেন ছন্দ ঘূৰাই আনিছিল ৰোহিত সেনাই। পিছে সেই ছন্দ স্থায়ী নহ’ল। পুনৰ এবাৰ পৰাজিত হল মুম্বাই ইণ্ডিয়ানছ।

আইপিএল ২০২১ৰ ১৭ সংখ্যক মেছখনত সন্মুখ সমৰত অৱৰ্তীন হৈ মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰিলে কে এল ৰাহুল নেতৃত্বাধীন পঞ্জাৱ কিংগছে। অধিনায়ক ৰাহুল আৰু দ্য ইউনিভাৰ্ছ বছখ্যাত ক্ৰিছ গেইলৰ দুৰ্দান্ত বেটিঙেৰে তিনিখন মেচত একেৰাহে পৰাজয় বৰণ কৰাৰ অন্তত বিজয় ধ্বজা উৰুৱালে পঞ্জাৱ কিংগছে।

প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত অভাৰত ৬ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩১ ৰান। অধিয়ানক ৰোহিত শৰ্মাৰ ৬২ ৰানৰ ইনিংছৰ বাহিৰে যেন ব্যৰ্থ হল দলটোৰ আন হাইপ্ৰফাইল বেটছমেন সকল। যাৰ বাবে এটি সহজ লক্ষ্য সন্মুখত লৈ ক্ৰিজত নমা পঞ্জাৱ কিংগছে ১৮নং অভাৰতে লাভ কৰে জয়ৰ সোৱাদ।

এখন হাইপ্ৰফাইল মেছেৰে আজিৰ সন্ধিয়াটো ৰোমাঞ্চকৰ কৰি তুলিব ৰাজস্থান ৰয়েলছ আৰু কলকতা নাইট ৰাইডাৰ্ছে। পইণ্ট তালিকাৰ শীৰ্ষ দুটা স্থানত থকা এই দুটা দলেই আজি জয়ৰ লক্ষ্যৰে নামিব ক্ৰিজত। কিয়নো আজিৰ জয় দুয়ো দলৰ বাবেই অতি জৰুৰী। সেয়ে আজি সঞ্জু চেমছন, ডেভিড মিলাৰ, ক্ৰিছ মৰিছৰ সন্মুখত ইয়ন মৰ্গান, নীতিশ ৰানা, আন্ড্ৰে ৰাছেল। আজি মুস্তাফিজুৰ, চাকাৰিয়াৰ সন্মুখত হৰভজন সিং, কমলেশ নাগৰকোট্টি।