IPL2021: হেটমেয়াৰৰ বিধ্বংসী বেটিঙেও জয়ৰ সোৱাদ দিব নোৱাৰিলে DCক

57

এখন শ্বাসৰুদ্ধকৰ খেল। অন্তিম বলটোত জয়ৰ বাবে প্ৰয়োজন হৈছিল ৬ ৰান। কিন্তু এটা সঠিক ইয়ৰ্কাৰে যেন দিল্লী কেপিটেলছৰ পৰা কাঢ়ি লৈ গ’ল জয়ৰ সোৱাদ। মহম্মদ চিৰাজৰ অন্তিম ইয়ৰ্কাৰ বলটো বেটছমেন ৰিষভ পণ্টে বাউণ্ডাৰীলৈ ঠেলি ঠিকেই পঠিয়ালে, কিন্তু তাৰ পিছতো ১ ৰানত পৰাজয় বৰণ কৰিবলৈ বাধ্য হ’ল দিল্লী কেপিটেলছ।

এয়া কালি অনুষ্ঠিত হৈ যোৱা দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৰ মাজৰ ২২ সংখ্যক আইপিএল খেলখনৰ অন্তিম মুহূৰ্তৰ কাহিনী। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আইপিএল ২০২১ৰ এই ৰোমাঞ্চকৰ খেলখনত জয়লাভেৰে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হল বিৰাট বাহিনী।

দিল্লী কেপিটেলছৰ পৰা প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰিছিল আৰচিবিয়ে। খেলখনত অধিনায়ক কোহলী ব্যৰ্থ হ’লেও ডেথ অভাৰ স্পেছিয়েলিষ্ট খ্যাত এবি ডিভিলিয়াৰ্ছৰ অপ্ৰতিৰোধ্য ৭৫ ৰানৰ ইনিংছেৰে জয়ৰ বাবে ডিচিৰ সন্মুখত ১৭২ ৰানৰ লক্ষ্য বান্ধি দিয়ে আৰচিবিয়ে। এই লক্ষ্য সন্মুখত ৰাখি ক্ৰিজত যেতিয়া দিল্লী কেপিটেলছ নামিল প্ৰথম ২৬ ৰানতে দুটা উইকেট হেৰুৱায়। আইপিএল ২০২১ত সৰ্বাধিক ৰান সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত থকা গব্বৰ শিখৰ ধাৱানো ব্যৰ্থ হয় কালিৰ খেলখনত। কিন্তু অধিনায়ক ৰিষভ পণ্ট আৰু চিমৰণ হেটমেয়াৰৰ বিস্ফোৰক বেটিঙে দলটোক জয়ৰ দিশলৈ আগবঢ়াই লৈ যায়। কিন্তু অৱশেষত দলক জয়ী কৰোৱাত ব্যৰ্থ হল পণ্ট আৰু হেটমেয়াৰ। মাত্ৰ ১ ৰানৰ ব্যৱধানত আইপিএল ২০২১ৰ পঞ্চম খন খেলত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় আৰচিবি।

আজিও এখন ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হব। আজি সন্মুখ সমৰত মহেন্দ্ৰ সিং ধোনী বনাম ডেভিড ৱাৰ্ণাৰ। ইতিমধ্যেই বিজয়ৰ হেট্ৰিকেৰে আত্মবিশ্বাসী হৈ আছে এমএছ ধোনীৰ চেন্নাই চুপাৰ কিংগছ। আনফালে জয়ৰ সোৱাদ লাভেৰে পইণ্ট তালিকাত নিজৰ স্থান উন্নীত কৰাৰ প্ৰয়াসেৰে আজি ৰণাংগনত নামিব চানৰাইজাৰ্ছ হায়দৰাবাদ। দুয়োটা দলৰেই আছে শক্তিশালী বেটিং আৰু বলিং লাইন। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হব এই ৰোমাঞ্চকৰ খেলখন।