IPL2020: পৰাজিত হৈও শ্ৰেয়ছ আয়াৰে ভৰিব লগা হ’ল জৰিমণা! কিন্তু কিয়?

90

ডিজিটেল ডেস্কঃ ড্ৰীম-১১ আইপিএলৰ ১১ সংখ্যক খেলখনত চানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিছিল দিল্লী কেপিটেলছ। খেলখনত চানৰাইজাৰ্ছ হায়দৰাবাদে ১৫ ৰানত জয়লাভ কৰে। ইফালে খেলত পৰাজিত হোৱাৰ উপৰিও এতিয়া জৰিমণাও ভৰিব লগা হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক শ্ৰেয়ছ আয়াৰে।

খেলখনত শ্ল’ অভাৰ ৰেটৰ বাবে শ্ৰেয়ছ আয়াৰক বিহা হৈছে ১২ লাখ টকাৰ জৰিমণা। আইপিএলে জাৰি কৰা এক বিবৃতিত শ্ৰেয়ছ আয়াৰক জৰিমণা বিহাৰ বিষয়ে জানিবলৈ দি কৈছে যে আইপিএলত আয়াৰৰ এয়া প্ৰথম ভুল। উল্লেখ্য যে, ড্ৰীম-১১ আইপিএলত শ্ল’ অভাৰ ৰেটৰ বাবে ইয়াৰ পূৰ্বে জৰিমণা বিহা হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনয়াক বিৰাট কোহলীক। কিংগছ-১১ পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলৰ সময়ত কোহলীক ১২ লাখ টকাৰ জৰিমণা বিহিছিল আইপিএলে।