ঘোষণা হ’ল আই পি এল ২০২৫ৰ দিন। প্ৰতিযোগিতাখন ১৪ মাৰ্চৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ’ব। কেৱল অহা বছৰেই নহয় ২০২৬ আৰু ২০২৭ বৰ্ষৰ তাৰিখো ঘোষণা কৰা হৈছে। ২০২৬ৰ আই পি এল ১৫ মাৰ্চত আৰম্ভ হ’ব আৰু ফাইনেলখন ৩১ মে’ত খেলা হ’ব। ইয়াৰ উপৰিও, ২০২৭ চনত, এই লীগ ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ৩০ মে’লৈ চলিব। ২০২৫ বৰ্ষত ৭৪ খন অনুষ্ঠিত হ’ব। আগৰ তিনিটা ছিজনতো ৭৪ খন মেচে খেলা হৈছিল। সম্পূৰ্ণ সদস্য দেশৰ বেছিভাগ বিদেশী খেলুৱৈয়ে তেওঁলোকৰ পৰিষদৰ পৰা পৰৱৰ্তী তিনিটা ছিজনৰ বাবে আই পি এলত খেলিবলৈ অনুমতি লাভ কৰিছে। ইয়াত পাকিস্তান অন্তৰ্ভুক্ত নহয়, পাকৰ খেলুৱৈসকলে ২০০৮ চনৰ পৰা আই পি এলত খেলিবলৈ সুযোগ পোৱা নাই। ক্ৰিকেট অষ্ট্ৰেলিয়াই তেঁওলোকৰ সকলো আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খেলুৱৈক আই পি এল ২০২৫ ত খেলিবলৈ অনুমতি দিছে।
অৱশ্যে, ২০২৬ চনত অষ্ট্ৰেলিয়াই পাকিস্তানত তিনিখন এদিনীয়া শৃংখলা খেলিব, যিটো ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰিছে যে যি ১৮ মাৰ্চৰ আগতে সমাপ্ত হ’ব। পাকিস্তানৰ বিৰুদ্ধে শৃংখলাৰ পিছত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে আই পি এল ২০২৬ ত যোগদান কৰিব। ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডেও (ইচিবি) ১৮ জন কেন্দ্ৰীয় চুক্তিবদ্ধ খেলুৱৈৰ এখন তালিকা দাখিল কৰিছে, যিসকল পৰৱৰ্তী তিনিটা ছিজনৰ বাবে উপলব্ধ হ’ব। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ উপৰিও দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, আফগানিস্তান আৰু জিম্বাবোৱেৰ খেলুৱৈসকলো পৰৱৰ্তী তিনিটা ছিজনৰ বাবে সম্পূৰ্ণৰূপে উপলব্ধ হ’ব।
অহা বছৰৰ আই পি এল ২০২৫ৰ পূৰ্বে ২৪ আৰু ২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত মেগা নিলাম অনুষ্ঠিত হ’ব। ঋষভ পণ্ট, কে এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱেলৰ দৰে খেলুৱৈৰ ভাগ্য বিপদত পৰিছে। এই মেগা নিলামত মুঠ ৫৭৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ৫৭৪ জন খেলুৱৈৰ ভিতৰত, ৩৬৬ জন ভাৰতীয় আৰু ২০৮ জন বিদেশী, যাৰ ভিতৰত আছে সহযোগী ৰাষ্ট্ৰৰ ৩ জন খেলুৱৈ।