ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত গঠিত দলটোৱে কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে। এতিয়া ১ জুনত আহমেদাবাদত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব।
শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হোৱা এলিমিনেটৰ মেচত মুম্বাই ইণ্ডিয়ানছে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গুজৰাটে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই মাত্ৰ ২০৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু মেচখন ২০ ৰানত পৰাস্ত হয়।
গুজৰাটৰ হৈ ছাই সুদৰ্শনে ৮০ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰে।
