গিগ ৱৰ্কাৰ বা ডেলিভাৰী বয়সকলৰ কল্যাণ আৰু সুৰক্ষাক লৈ বৃদ্ধি পোৱা উদ্বেগৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ হস্তক্ষেপত কুইক-কমাৰ্চ প্ৰতিষ্ঠান ব্লিংকিটে তেওঁলোকৰ সকলো প্লেটফৰ্মৰ পৰা ‘১০ মিনিটত ডেলিভাৰী’ৰ দাবী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। শ্ৰম মন্ত্ৰী মনসুখ মাণ্ডব্যই ব্লিংকিট, জেপ্টো, জোমাটো আৰু চুইগীৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সৈতে বৈঠক কৰি ডেলিভাৰীৰ সময়সীমা সম্পৰ্কীয় সমস্যাসমূহ সমাধানৰ নিৰ্দেশ দিয়াৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে, আগন্তুক দিনত অন্যান্য সংস্থাসমূহেও ব্লিংকিটৰ এই পথ অনুসৰণ কৰাৰ সম্ভাৱনা আছে।
ইটাৰ্নেল গ্ৰুপৰ মালিকানাধীন ব্লিংকিটে ইতিমধ্যে তেওঁলোকৰ ব্ৰেণ্ডিঙৰ পৰা ১০ মিনিটৰ প্ৰতিশ্ৰুতি আঁতৰাই দিছে আৰু ইয়াৰ পৰিৱৰ্তে “৩০,০০০ তকৈ অধিক সামগ্ৰী আপোনাৰ দুৱাৰমুখত উপলব্ধ” বুলি নতুনকৈ মেচেজিং আপডেট কৰিছে। উল্লেখ্য যে, যোৱা ৩১ ডিচেম্বৰত দেশজুৰি ডেলিভাৰী কৰ্মীসকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু দাবী কৰিছিল যে এই নিৰ্দিষ্ট সময়ৰ চাপে তেওঁলোকৰ জীৱন বিপন্ন কৰি তুলিছে। গিগ এণ্ড প্লেটফৰ্ম ছাৰ্ভিচ ৱৰ্কাৰ্ছ ইউনিয়নে (GIPSWU) চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই ইয়াক শ্ৰমিকৰ মৰ্যাদা আৰু সুৰক্ষা নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ খোজ বুলি অভিহিত কৰে।
আনহাতে, ইটাৰ্নেল গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া দিপিন্দৰ গোৱেলে অলপতে দাবী কৰিছিল যে ১০ মিনিটৰ প্ৰতিশ্ৰুতিয়ে চালকসকলক কোনো চাপ নিদিয়ে, কাৰণ এপটোত তেওঁলোকক তেনেকুৱা কোনো টাইমাৰ দেখুওৱা নহয়। তেওঁৰ মতে, গ্ৰাহকৰ ওচৰত ষ্ট’ৰ থকাৰ বাবেহে ডেলিভাৰী ক্ষিপ্ৰ হয়, তীব্ৰ গতিৰ বাবে নহয়।
আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক শলাগ লৈ কয়— “এয়া এক প্ৰয়োজনীয় পদক্ষেপ আছিল, কাৰণ যেতিয়া এজন চালকৰ টি-চাৰ্ট বা বেগৰ ওপৰত ‘১০ মিনিট’ বুলি লিখা থাকে আৰু গ্ৰাহকৰ স্ক্ৰীণত টাইমাৰ চলে, তেতিয়া সেই চাপটো সঁচা অৰ্থতে ভয়ংকৰ হৈ পৰে।” কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছেও (CAIT) এই পদক্ষেপক মানৱীয় আৰু দূৰদৰ্শী আখ্যা দিছে।
