গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ উদ্যোগত ভাৰতত ইণ্টাৰনেট গবেষণা আৰু অভিযান্ত্রিক শিক্ষা শক্তিশালী কৰাৰ লক্ষ্যৰে পহিলা আগষ্টত ‘AIORI-2 Train the Trainer Workshop Se-ries’ শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয় । ইণ্ডিয়া ইণ্টাৰনেট ফাউণ্ডেচন (আই আই এফ অ’ এন) আৰু আই ই ই ই ইণ্ডাষ্ট্রী একাডেমিয়া ইয়ং প্রফেচনেলছ।
কমিটী (আই এ বাই পি চি)-ইণ্ডিয়া কাউন্সিলৰ নেতৃত্বত ভাৰত চৰকাৰৰ এডভান্সড ইন্টাৰনেট অপাৰেচন ৰিছাৰ্ছ ইন ইণ্ডিয়া প্ৰকল্পৰ অংশ হিচাপে এই অনুষ্ঠানটো এন আই এক্স আই আৰু ভাৰত চৰকাৰৰ ইলেক্ট্রনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্রণালয়ৰ সহযোগত অনুষ্ঠিত হয়। দেশৰ পাঁচটা মণ্ডলত হোৱা ১১খন কৰ্মশালাৰ ভিতৰত অন্যতম হিচাপে অসম, ডনবন্ধ’ বিশ্ববিদ্যালয়ে এই কৰ্মশালাৰ আয়োজন কৰে।
আই আই আই টি, গুৱাহাটীৰ সহকাৰী অধ্যাপক ডঃ মনোজিত ঘোষৰ পৰিচালনাত আয়োজন কৰা এই কর্মশালাখন অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্রিক বিভাগৰ সহকাৰী অধ্যাপক আলোক চৌধুৰী আৰু ডঃ এলেক্সি ভৌমিকৰ যৌথ সমন্বয়ত আয়োজন কৰা হয় আৰু সামগ্রিক নির্দেশনা প্রদান কৰে বিভাগৰ মুৰব্বী ডঃ ববী শৰ্মাই। কাৰিকৰী অধিৱেশন সমূহৰ নেতৃত্ব দিয়ে আই আই এফ এনৰ অধ্যক্ষ অনুপম আগৰৱালা আৰু আই আই এফ এনৰ সহঃপ্রতিষ্ঠাপক তথা মুখ্য কাৰিকৰী বিষয়া আনন্দ বাজেই।
