ইণ্ডাস্ট্ৰিয়েল ট্ৰেইনিং ইন্সটিটিউট (ITI) গ্ৰাউণ্ড, গোপীনাথ নগৰ, ডঃ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সন্মুখত, গুৱাহাটী। এই অনুষ্ঠান নেছনেল ৰিয়াৰ চাৰ্ভিছ চেণ্টাৰ ফৰ ডিফাৰেণ্টলি এবল্ড (NCSC-DA)—শ্ৰম আৰু কৰ্মসংস্থান মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা, Artificial Limbs Manufacturing Corporation of India (ALIMCO)—সামাজিক ন্যায় আৰু অধিকাৰিতা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা আৰু স্পেচিয়েল অলিম্পিক্স ভাৰত অসম—মানসিক আৰু শাৰীৰিক ভিন্ন ক্ষমতাসম্পন্ন শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে কাম কৰা সংস্থাৰ সহযোগিতাত আয়োজন কৰা হৈছিল। অনুষ্ঠানত উপস্থিত আছিল জেলা গভাৰ্নৰ লায়ন পান্কজ পোদ্দাৰ, NCSC-DA ৰ অৰৱিন্দ কে ৰামটেকে আৰু তেওঁৰ দল, ALIMCO ৰ দায়িত্বশীলবর্গ, Special Olympics Bharat ৰ প্ৰতিনিধিসকল, VDG-I লায়ন মনোজ ভাজাংকা, VDG-II লায়ন ৰাজেশ আগৰৱালা, লগতে বহুলোক লায়ন past district governor, জিলা নেতৃবৃন্দ, বিভিন্ন লায়ন্স ক্লাবৰ সভাপতি আৰু সদস্যসকল আৰু লিঅ’ সদস্যসকল।
প্ৰজেক্ট চেয়াৰপার্ছন সঞ্জয় সাংঘানীয়া-এ সকলো গণ্যমান্য ব্যক্তি, অতিথি আৰু অংশগ্ৰহণকাৰীক স্বাগতম জনায়। যোগদানকাৰীসকলক সম্বোধন কৰি, DG লায়ন পান্কজ পোদ্দাৰে কয় যে লায়ন্স ইণ্টাৰন্যাশনেল সদায়েই এনে অনুষ্ঠান আয়োজন কৰিবলৈ উৎসাহী, কাৰণ ই মানুহৰ বাবে দেয়া আটাইতকৈ উত্তম সেৱাসমূহৰ অন্যতম। এই অনুষ্ঠানত প্ৰায় ৩৫০ বিশেষ শিশু আৰু ভিন্ন ক্ষমতাসম্পন্ন অংশগ্ৰহণকাৰী উপস্থিত আছিল। সকলো দিনজুৰি Special Olympics Bharat, Assam-এ বিশেষ শিশু আৰু ভিন্ন ক্ষমতাসম্পন্ন অংশগ্ৰহণকাৰীৰ বাবে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰে, আৰু দিনশেষত বিজয়ীসকলক পুৰস্কাৰ, উপহাৰ, পদক আৰু কম্বল বিতৰণ কৰা হয়। লায়ন্স ক্লাব অফ গুৱাহাটী-এ সকলোৰে বাবে দিনজুৰি ফল-মূল, লাঞ্চ বক্স, নাস্তা আৰু ৰিফ্ৰেশমেণ্টৰ ব্যৱস্থা কৰে। প্ৰায় ২০০ লায়ন আৰু লিঅ’ সদস্য, অভিভাৱক আৰু সহায়কসকল উপস্থিত আছিল যাতে অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰিব পাৰে।
অনুষ্ঠানৰ সময়ত বিভিন্ন সহায়ক সামগ্ৰীৰ বিতৰণ শিবিৰো অনুষ্ঠিত হয়—য’ত ট্রাইচাইকেল, হুইলচেয়াৰ, ছুগমীয়া কেইন আৰু আন বহুতো সামগ্ৰী যোগ্য উপভোক্তাসকলক বিলাই দিয়া হয়। এইবাবদে পূৰ্বে ১২/১১/২০২৫ তাৰিখে এখন মূল্যায়ন শিবিৰ অনুষ্ঠিত হৈছিল। স্ব-ৰোজগাৰ উদ্বুদ্ধ কৰাৰ বাবে ২৫টা চিয়িং মেচিন, ১৫টা ইলেকট্ৰনিক্স আৰু আপ্লায়েন্স ৰিপেয়াৰিং কিট, ১১টা জেনাৰেল মেকানিকেল কিট আৰু ৪টা টেব্লেট প্ৰশিক্ষিত উদ্যোগপতিসকলক হাতত দিয়া হয়, যাতে তেওঁলোকে অৰ্জিত দক্ষতাৰে সম্মানজনকভাৱে জীৱিকা নিৰ্বাহ কৰিব পাৰে। ইয়াৰ লগতে প্রয়োজনীয় উপভোক্তাসকলক জয়পুৰ ফুট-এ কৃত্ৰিম অঙ্গ আৰু কেলিপাৰ ফিটিংৰ ব্যৱস্থাও কৰে। প্ৰজেক্ট চেয়াৰপার্ছন সঞ্জয় সাংঘানীয়া-এ সকলো সহযোগী, Lions Club of Guwahati, বিভিন্ন লায়ন্স ক্লাব আৰু উদাৰচিত্তে সহযোগিতা আগবঢ়োৱা সকলো সদস্য আৰু দাতাসকলক ধন্যবাদ জনায়।
