গুৱাহাটীৰ সৰলা দাসলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

419

গুৱাহাটী নিবাসী সৰলা দাসলৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় খিতাপ। যোৱা ৩ ছেপ্টেম্বৰত গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতিষ আইটিএ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ‘মিছেছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল গ্ল’বেল ২০২২ প্ৰতিযোগিতাত সৰলা দাসলৈ ‘ক্লাছিক মিছেছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল গ্ল’বেল আৰ্থ ২০২২’ আৰু ‘মিছেছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল গ্ল’বেল ২০২২- মিছেছ এক্টিভ’ৰ সন্মান আগবঢ়োৱা হয়।

পোহৰ ইভেণ্টছৰ বেনাৰত মণিকা সিন্‌হাই আয়োজন কৰা এই অনুষ্ঠানৰ বিচাৰক আছিল গৰিমা শ‌ইকীয়া গাৰ্গ আৰু দিগন্ত হাজৰিকা। ৰাজ্যৰ শ্ৰম আয়ুক্ত অনামিকা তিৱাৰীৰ উপস্থিতিত তেওঁক এই সন্মান প্ৰদান কৰা হয়।

ইয়াৰ পূৰ্বে ‘দ্য গ’ল্ডেন ৰূফ আই আই জি এ ২০২২’এ আয়োজন কৰা ‘ইণ্টাৰনেশ্যনেল ইণ্ডিয়া গ’ল্ডেন এচীভাৰ্ছ এৱাৰ্ডছ’ত সৰলা দাসক ‘প্ৰেৰণাদায়ক শাখা’ত ‘উইমেন এম্পাৱাৰমেণ্ট’ বঁটাৰে বিভূষিত কৰা হয়। যোৱা ৩১ জুলাইত মহানগৰীৰ পি ডব্লিউ ডি কন্‌ভেন্‌চন এণ্ড ট্ৰেইনিং চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। সামাজিক বিকাশ আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হয়।