বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগ আৰু ভাতৃত্ব বোধৰ উৎসৱ হিচাপে পৰিগণিত হৈ অহা ঈদ – উদ – জোহাৰ” সমূহীয়া নামাজ এইবেলি কতো সম্পন্ন নহল ক’ভিড মহামাৰীৰ বাবে । ক’ভিডৰ গণ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে গাড়ীগাঁৱ , জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ ইছলাম ধৰ্মী লোক সকলে আজি পুৱা নিজ ঘৰতে তাকো সামাজিক দূৰত্ব বজাই ৰাখি নামাজ আদায় কৰে । অৱশ্যে চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি উত্তৰ জালুকবাৰী বুঢ়া মছজিদত মছজিদৰ ইমাম হাফিজ আজিজুৰ ৰহমানে ইমামতি কৰা নামাজত মাত্ৰ পাঁচজন ব্যক্তি ক্ৰমে আতিন আলী , আবুল আলী , ৰাণা আলী , আছিফ ইকবাল আৰু ৰেকিবুদ্দিন আলীয়ে ভাগ লয় । এই সন্দৰ্ভত গাড়ীগাৱ ঈদগাহ কমিটিৰ সভাপতি আলহাজ আলতাফ হুছেইন , জালুকবাৰী ঈদগাহ কমিটিৰ সাধাৰণ সম্পাদক আবুল আলীয়ে জানিবলৈ দিয়া মতে বিগত ২০২০ বর্ষতো ক’ভিড মহামাৰীৰ বাবে নিজ ঘৰতে সকলোৱে পৰিয়ালৰ সদস্য সকলৰ সৈতে নামাজ আদায় কৰিছিল । একেদৰে আজিও ক’ভিডৰ গণ সংক্ৰমণ ৰোধৰ বাবে নিজ ঘৰতে সকলোৱে নামাজ আদায় কৰিব লগীয়া হয় । অৱশ্যে মহান আল্লাই মানৱ জাতিৰ বাবে অতি শীঘ্ৰেই ভাল দিন আনিব বুলিও দুয়োজন কৰ্মকর্তাই সদৰি কৰি সকলোৱে চৰকাৰৰ নীতি নিৰ্দেশনা মানি নিজ ঘৰতে নামাজ আদায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
Latest article
পুনৰ বিস্ফোৰণৰ ভাবুকি
৬ দিনত বিমানত বিস্ফোৰণৰ ৭০টা ভাবুকি।
ভাৰতীয় বিমান সংস্থাসমূহক ভূৱা বোমা বিস্ফোৰণৰ ভাবুকি।
ভাবুকিৰ পাছতেই দিল্লীত থকা সংস্থাটোৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক।
বৈঠকৰ সময়ত...
আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা
আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা।
অস্বাভাৱিকভাৱে শুকাই গৈছে বৰলুইত।
কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী যাতায়াতলৈ গভীৰ সংকট।
কমলাবাৰী-নিমাতীৰ মাজত চলা ৯খন ছিংগল ফেৰীসেৱা বন্ধ।
...
বজাৰত জ্বলিছে দাম বৃদ্ধিৰ জুই
বজাৰত জ্বলিছে দাম বৃদ্ধিৰ জুই! হোৰাহোৰে বাঢ়িছে অত্যাৱশ্যকীয় সামগ্ৰী, পাচলিৰ দাম।পাচলি বজাৰত ক্ৰেতা-বিক্ৰেতাৰ হাৰাশাস্তি। মধ্যভোগীৰ দপদপনিত দিকবিদিক হেৰুৱাইছে গ্ৰাহকে। দৈনিক বৃদ্ধি পোৱা পাচলিৰ দামে...