ৰাষ্ট্ৰীয় ভোজ্য তেল-তেল পাম অভিযান(এনএমইঅ’-অ’পি)ৰ অধীনত ভাৰত চৰকাৰে ২৫ জুলাইৰ পৰা ৫ আগষ্ট, ২০২৩লৈ মেগা অইল প্লেণ্টেচন ড্ৰাইভ আৰম্ভ কৰিছে। এই অভিযানৰ বিষয়ে সবিশেষ আলোচনাৰ বাবে গুৱাহাটীত এখন ঘূৰণীয়া মেজৰ আয়োজন কৰা হয়। এই বৈঠকৰ সাক্ষী হৈছিল গডৰেজ এগ্ৰ’ভেট লিমিটেড, ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছ, দ্য ছলভেণ্ট এক্সট্ৰেক্টৰছ’ এছ’চিয়েচন অৱ ইণ্ডিয়া আৰু ছলিডাৰিদাদ নেটৱৰ্ক অন্যতম। উত্তৰ-পূর্বাঞ্চলৰ বাবে অইল পাম খেতিৰ গুৰুত্ব আৰু ই কেনেদৰে অঞ্চলটোৰ কৃষকসকলক উন্নীত কৰিব পাৰে সেই সন্দর্ভত আলোচনা চলিছিল এই মেজমেলত৷ যোৱা ২০২১ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে খাদ্য তেল সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযান – তেল পাম (এনএমইঅ’-অ’পি) আৰম্ভ কৰিছিল। অইল পামৰ পৰা খাদ্য তেলৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এনএমইঅ’-অ’পি হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি আৰু সাধাৰণ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ৬০:৪০ আৰু উত্তৰ-পূব ৰাজ্যৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে ১০০% হিচাপে খৰচৰ ভাগ-বতৰা কৰা হ’ব। এই সকলোৰৰ মাজত, মাটিৰ মালিকীস্বত্ব কৃষকৰ হাততে আছে আৰু তেলপাম খেতিৰ বাবে অঞ্চল আবণ্টন কৰা বা দিয়া কোনো কৰ্প’ৰেটৰ সৈতে নহয়।
‘এনএমইঅ’-অ’পি দেশৰ বাবে সঠিক দিশত এক পদক্ষেপ। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে বিশেষ যত্ন লৈ এই ক্ষেত্ৰত উদ্যোগ লোৱাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ।’-আগশাৰীৰ বৈচিত্ৰ্যপূৰ্ণ, গৱেষণা আৰু উন্নয়ন কেন্দ্ৰীভূত খাদ্য আৰু কৃষি ব্যৱসায় সংঘবদ্ধ সংস্থা গডৰেজ এগ্ৰ’ভেট লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ বলৰাম সিং যাদৱেএইদৰে কয়। ২০০৬ চনৰ পৰা অঞ্চলটোত অইল পাম খেতিৰ কামত জড়িত এই প্ৰতিষ্ঠানটো ২০১৪ চনৰ পৰা মিজোৰামত কাৰ্যকৰী মিল থকা একমাত্ৰ কোম্পানী। এনএমইঅ’-অ’পি আঁচনিৰ অধীনত অঞ্চলটোত অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতেও বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।তেওঁ লগতে আৰু কয় যে, “তেলপাম ব্যৱসায়ত আমাৰ তিনি দশকতকৈও অধিক সময়ৰ অভিজ্ঞতাই কৃষকসকলক বহনক্ষম তেলপাম বাগিচা প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞান দিয়াৰ উপৰিও বিভিন্ন ধৰণৰ সম্পদ যোগান ধৰিবলৈ সক্ষম কৰিছে। অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত আমাৰ সফলতা তাৰেই প্ৰমাণ। এইখিনিতে ক’ব পাৰি যে অঞ্চলটোৰ অনন্য ভূ-গঠনে আমাৰ বাবে যথেষ্ট প্রত্যাহ্বানৰ সৃষ্টি কৰিলেও আমি আমাৰ সামর্থ্যৰ বাবে পিঠি নিদি অসম আৰু অৰুণাচল প্রদেশত লাভ কৰা সফলতাৰ পুনৰাবৃত্তি কৰিবলৈ আত্মবিশ্বাসী৷ একেটা কথাই কৃষকসকলক কেৱল সৰু মাটিৰ অংশৰ দ্বাৰাও উন্নত কৰাই নহয়, অঞ্চলটোত সংস্থাপনৰো সৃষ্টি কৰিব।”
ভাৰত হৈছে পাম তেলৰ বিশ্বৰ সৰ্ববৃহৎ আমদানিকৰ্তা আৰু পাম তেলৰ দ্বিতীয় সৰ্ববৃহৎ উপভোক্তা থকা দেশ। স্থানীয় উৎপাদন ৩০০,০০০ টনৰ পিছতো ভাৰতে বৰ্তমান ৭,৫০০,০০০ টন আমদানি কৰে।
