অসমৰ ৭জিলাৰ ১২ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰীৰ বাবে অনাময় ব্যৱস্থা উন্নতিৰ অৰ্থে ইণ্ডাছ টাৱাৰৰ এন ই এ আইডিৰে সহযোগিতা

141

নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ ইকুইটি একশ্যন অন ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট (এন ই এআইডি)ৰ সহযোগত বিশ্বৰ অন্যতম বৃহৎ দূৰসংযোগ আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছ লিমিটেডে সাতখন জিলাৰ ১২চৰকাৰী বিদ্যালয়ত ছাত্ৰীৰ বাবে সুসজ্জ্বিত আৰু পৰিষ্কাৰ ৱাশ্বৰূম (শৌচাগাৰ) মুকলি কৰিছে৷ কামৰূপ (মহানগৰ), নগাঁও, মৰিগাঁও, বাকছা, তামুলপুৰ, ধুবুৰী আৰু বঙাইগাঁৱত এই সুবিধা আৰম্ভ কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ সমগ্ৰ শিক্ষা অসম(এছএছএ)ৰ মিছন সঞ্চালক ড°ওম প্ৰকাশ, দিছপুৰ সমষ্টিৰ বিধায়ক শ্ৰী অতুল বৰা ও কামৰূপ মহানগৰ জিলাৰ সোণাপুৰস্থিত নৰতাপ মধ্য ইংৰাজী স্কুলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠানত জিলা প্ৰশাসন, শিক্ষা বিভাগৰ বিষয়ববীয়া, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ আগশাৰীৰলোকেও অংশগ্ৰহণ কৰে৷

এই পদক্ষেপ ইণ্ডাছ টাৱাৰ্ছৰ ধ্বজাবাহী কৰ্প’ৰেট সামাজিক দায়িত্ব আঁচনি প্ৰগতিৰ অংশ৷ ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে এই কাৰ্যসূচী মিলি পৰিছে। যাৰলক্ষ্য হৈছে সুলভ আৰু নিৰাপদ অনাময় ব্যৱস্থা প্ৰদান কৰা৷ ইয়াৰ জৰিয়তে অনাময় ব্যৱস্থাৰ সুবিধা উন্নত কৰা আৰু শিক্ষাৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাহ’ব। উন্নত অনাময় ব্যৱস্থাৰ উপৰি এই কাৰ্যক্ৰমৰ অধীনত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে৷ যাৰ লক্ষ্য হৈছে ছোৱালী সকলক তেওঁলোকৰ স্বাস্থ্য পৰিচালনাৰ জ্ঞানেৰে সবলীকৰণ কৰা। অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়- “মই ছাত্ৰ-ছাত্ৰী সকলক নতুন শিক্ষাবৰ্ষলৈ আদৰণি জনাইছোঁ আৰু শিক্ষণৰ যাত্ৰাক নৱ উদ্যমেৰে আকোৱালি ল’বলৈ উৎসাহিত কৰিছো। বিশেষকৈ ছাত্ৰীসকলৰ বাবে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাই শৈক্ষিক ফলাফলত যিপ্ৰভাৱ পেলাই সেয়া গুৰুত্বপূৰ্ণ। আমি অসমত অধিক কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) পদক্ষেপক সমৰ্থন কৰিব লাগিব, কিয়নো আজি শিক্ষাৰ আন্তঃগাঁথনিত বিনিয়োগ কৰিলে আমাৰ সমাজৰ ভৱিষ্যতে উন্নতি হ’ব৷”

সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ড০ ওম প্ৰকাশে কয়- “বিদ্যালয়সমূহত অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে ইণ্ডাছ টাৱাৰ আৰু এন ই এ আই ডিৰপদক্ষেপৰ আমি শলাগলৈছোঁ৷ আমি আন কৰ্প’ৰেটক অসমৰ বিদ্যালয় সমূহৰ বাবেও একে ধৰণৰ পদক্ষেপ লৈ আগবাঢ়িবলৈ আহ্বান জনাইছো। বিভাগটোৰ বৰ্ধনৰ বিভিন্ন পৰিকল্পনা আছে আৰু ৰাজ্যৰ বিদ্যালয়ত শিক্ষাৰ পৰিস্থিতি তথা এই ধৰণৰ সহযোগিতাই আমাৰ লক্ষ্যত উপনীত হোৱাত উল্লেখযোগ্য ভূমিকা ল’ব পাৰে।” দিছপুৰ সমষ্টিৰ বিধায়ক শ্ৰী অতুল বৰাই কয়- “জনসমষ্টিৰ সবলীকৰণ আৰু বহনক্ষম বৃদ্ধিৰ পোষকতা কৰা চি এছ আৰ কাৰ্যসূচীৰ প্ৰভাৱ দেখিমই আনন্দিত হৈছো। এই নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে সঁচাকৈয়ে এক পৰিৱৰ্তন আনিব, আমাক সকলোকে অনুপ্ৰাণিত কৰিব। কাইলৈৰ বাবে এনেধৰণৰ কাৰ্যসূচী অধিকহৈ পৰিব আৰু পৰিৱৰ্তনৰ বাবে মই আগ্ৰহী।” ইণ্ডাছ টাৱাৰ লিমিটেডৰ চাৰ্ক’ল চিইঅ’ ৰাজিন্দৰ গুৰুঙে কয়- “স্বাস্থ্যকৰ আৰু সুসজ্জ্বিত শৌচাগাৰৰ সুবিধা লাভ কৰাটো এটা অনুকূল শিক্ষণ পৰিৱেশ প্ৰদানৰ বাবে মৌলিক আন্তঃগাঁথনি। ইণ্ডাছটাৱাৰৰ চিএছআৰ কাৰ্যসূচী প্ৰগতিয়ে এনে প্ৰয়োজন ভিত্তিক পদক্ষেপক সমৰ্থন কৰিব লাগে।” এই পদক্ষেপে মৌলিক সুবিধা প্ৰদানৰ বাহিৰেও স্বচ্ছ আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আত্মবিশ্বাস তথা আত্মসন্মান বৃদ্ধি কৰিবলৈ বিচাৰে। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয় চৌহদৰ ভিতৰত এক বিস্তৃত পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ-তন্ত্ৰ গঢ়ি তোলা, যি সমাজৰ সামগ্ৰিক মংগলত অৰিহণা যোগায়।