উদ্যোগৰ উন্নতি আৰু বিকাশৰ শতিকাৰ এক চতুৰ্থাংশ সম্পূৰ্ণ উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে ইণ্ডিয়াউড ২০২৫ বাণিজ্য মেলাৰ, অহা ৬-৯ মাৰ্চত দিল্লী এনচিআৰৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপ’ মাৰ্ট এণ্ড চেণ্টাৰ(আইইএমএল)ত কাঠৰ কাম আৰু আচবাব সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। নুৱেৰনবাৰ্গ মেছেৰ বিশ্বব্যাপী কাঠৰ সামগ্ৰী পৰ্টফলিঅ’ৰ অংশ হিচাপে এই যুগান্তকাৰী সংস্কৰণে ভাৰতৰ উত্পাদন শক্তিশালী আৰু আচবাব তথা কাঠৰ সামগ্ৰী উদ্যোগৰ এক মূল বিশ্বব্যাপী প্ৰতিষ্ঠান হিচাপে উত্থানক প্ৰতিফলিত কৰিব।
আৰম্ভণিৰে পৰাই উণ্ডিয়াউডে উদ্যোগৰ বৃদ্ধিৰ গঢ় দিছে, লগতে প্ৰস্তুতকাৰী, যোগানকাৰী, প্ৰযুক্তিৰ অগ্ৰদূতসকল আৰু পেছাদাৰীসকলক একক মঞ্চত একত্ৰিত কৰিছে। যোৱা ডেৰ-দুটা দশকত প্ৰযুক্তিগত উন্নতি, বহনক্ষম পদ্ধতি আৰু বিশ্বব্যাপী সহযোগিতাক লাভান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
নুৱেৰনবাৰ্গ মেছে ইণ্ডিয়াৰ পৰিচালন সঞ্চালিকা ছোনিয়া প্ৰসাৰে নিজৰ অভিমত ব্যক্ত কৰি ২০২৫ চনত ২৫.৭৫ বিলিয়ন মাৰ্কিন ডলাৰৰ মূল্যৰ ভাৰতীয় আচবাব বজাৰখন ২০৩০ চনৰ ভিতৰত ৩৭.১৮ বিলিয়ন মাৰ্কিন ডলাৰ হোৱাৰ অনুমান কৰিছে। এই উপলক্ষে ভাষণ দি ইউমাব’ইছ (ইউৰোপীয় ফেডাৰেচন অৱ উডৱৰ্কিং মেচিনেৰী মেনুফেকচাৰাৰ)ৰ অধ্যক্ষ ফ্ৰেডেৰিক মেয়াৰে এই অনুষ্ঠান আৰু ভাৰতৰ কাঠৰ কাম আৰু আচবাব উদ্যোগৰ সমৃদ্ধিশালী বৃদ্ধিৰ বিষয়ে গভীৰ আশা ব্যক্ত কৰে। মেয়াৰে কয় যে, “ইউৰোপীয় আৰু ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা ৰক্ষা কৰি এই পদক্ষেপক সমৰ্থন জনাবলৈ পাই ইউমাব’ইছ যথেষ্ট আনন্দিত।”