যুৱ উদ্যোগীক উৎসাহ আৰু জীৱনৰ ৰূপান্তৰ ইণ্ডিয়াস্কিলছৰ

1145

ইণ্ডিয়াস্কিলছ ২০২৩-২৪ প্ৰতিযোগিতাই দেশৰ হৃদস্পন্দনক প্ৰতিনিধিত্ব কৰে। ই সমগ্ৰ দেশৰ মানুহক নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আৰু এনে এক যাত্ৰা আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনায় য’ত দক্ষতাই সফলতাক পথ প্ৰদৰ্শন কৰে। সপোনবোৰক বাস্তৱলৈ ৰূপান্তৰিত কৰাই হৈছে এই অনুষ্ঠানটোৰ উদ্দেশ্য।

শ্ৰীকৃষ্ণা ইঞ্জিনিয়াৰিং কলেজৰ মেকাট্ৰনিকছ বিভাগৰ অভিযান্ত্ৰিক স্নাতক ধৰমৰাজ থিয়াগৰাজনে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন)ৰ উদ্যোগত আয়োজিত দক্ষতা প্ৰতিযোগিতাত জয়লাভ কৰি ২০১৮ চনত উদ্যোগীকৰণৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ মোবাইল ৰবটিক্স, অগমেণ্টেড ৰিয়েলিটী আৰু ভাৰ্চুৱেল ৰিয়েলিটীৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। মহিমা গান্ধী মেকআপ এণ্ড নেইল ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাপক মহিমা গান্ধীয়ে ৱৰ্ল্ডস্কিলছ ২০১৯-২০ৰ জৰিয়তে আত্ম-বিশ্বাস বিচাৰি পাইছিল আৰু ক’ভিড-১৯ মহামাৰীৰ সময়তে নিজৰ মেকআপ ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে।

আন এগৰাকী ভাৰতীয় উদ্যোগী ভাৰাদ পাটিলে ২০১৩ত ৱৰ্ল্ডস্কিলছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ইমকিউৰ ফাৰ্মাচিউটিকেলছৰ চিএফঅ’ নমিতা থাপৰৰ পৰা ৩.৫% ইকুইটিৰ বাবে পুঁজি লাভ কৰিছিল। ২৫ বছৰীয়া বেকিং চায়েন্স আৰু পেষ্ট্ৰী আৰ্ট বিষয়ৰ স্নাতক মোহিত দুদেজাই ৱৰ্ল্ডস্কিলছৰ বিষয়ে অৱগত হৈ নিজকে অন্য এক মাত্ৰা প্ৰদান কৰিলে আৰু এতিয়া এটা চেনেল ৯ পেটিচেৰী, বেকাৰী আৰু কেক বিপণীৰ গৰাকী মোহিত দুদেজা। ভাৰাদ, মহিমা, ধৰমৰাজ আৰু মোহিত কেৱল সফলতাৰ কাহিনীয়ে নহয়; তেওঁলোকে সফল উদ্যোগ স্থাপনৰ ক্ষেত্ৰত দক্ষতাৰ স্পষ্ট প্ৰভাৱ প্ৰদৰ্শন কৰে।