ডিএছপি পেঞ্চন ফাণ্ড মেনেজাৰসকলে জনোৱা অনুসৰি ২০৩০ চনৰ ভিতৰত ভাৰতৰ পেঞ্চন সম্পদ পৰিচালনাৰ অধীন(এ ইউ এম)ত ১১৮ ট্ৰিলিয়ন টকা হ’ব বুলি প্ৰকল্প কৰা হৈছে, ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা(এনপিএছ)ই প্ৰায় ২৫% অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে। জনগাঁথনিৰ পৰিৱৰ্তন, বৰ্ধিত আয়ুস আৰু বজাৰৰ সৈতে জড়িত অৱসৰৰ সমাধানৰ প্ৰতি বিনিয়োগকাৰীৰ পছন্দ বৃদ্ধিৰ ফলত এই উত্থান ঘটিছে। ২০৫০ চনৰ ভিতৰত ভাৰতৰ বৃদ্ধ জনসংখ্যা ২.৫ গুণ বৃদ্ধি পাব, অৱসৰৰ পিছৰ আয়ুস গড়ে ২০ বছৰ হৈছেগৈ। ইয়াৰ পিছতো পেঞ্চন বজাৰখন জিডিপিৰ মাত্ৰ ৩%তে সীমিত হৈ আছে, আনহাতে অৱসৰৰ সঞ্চয়ৰ ব্যৱধান বছৰি ১০% বৃদ্ধি পাইছে, সম্ভাৱনাময়ভাৱে ২০৫০ৰ ভিতৰত ৯৬ ট্ৰিলিয়ন ডলাৰত উপনীত হ’ব। বিনিয়োগকাৰীসকলে পৰম্পৰাগত সঞ্চয়ৰ পৰা আঁতৰি যোৱা দশকত নগদ ধন আৰু বেংকত জমা ধন ৬২%ৰ পৰা ৪৪%লৈ হ্ৰাস পাইছে।
এনপিএছ ব্যক্তিগত খণ্ডৰ এইউএম যোৱা ৫ বছৰত বছৰি ২৬.৮% বৃদ্ধি পাই ২,৭৮,১০২ কোটি টকা হৈছেগৈ। ২০২০ৰ পৰা ২০২৪ চনৰ বিত্তীয় বৰ্ষৰ ভিতৰত পুৰুষ গ্ৰাহকৰ সংখ্যা ৬৫% বৃদ্ধি পাইছে, আনহাতে মহিলাৰ পঞ্জীয়ন ১১৯% বৃদ্ধি পাইছে। শেহতীয়াকৈ মুকলি কৰা এনপিএছ বাৎসল্যই ইতিমধ্যে ৮৬,০০০ ছাবচক্ৰাইবাৰক আকৰ্ষণ কৰিছে। এই ট্ৰেণ্ডে গুৱাহাটীৰ আৱাসীকো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে, য’ত বিনিয়োগকাৰীসকলে দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষাৰ বাবে এনপিএছ ক্ৰমান্বয়ে অন্বেষণ কৰিবলৈ ধৰিছে। অৱসৰৰ পৰিকল্পনাৰ দিশত বিস্তৃত ৰাষ্ট্ৰীয় পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি চহৰখনৰ বিত্তীয় পৰামৰ্শদাতাসকলে সংগঠিত পেঞ্চন আঁচনিৰ প্ৰতি বৰ্ধিত আগ্ৰহ লক্ষ্য কৰিছে।
“সঠিক নীতি আৰু সজাগতাৰ জৰিয়তে ভাৰতৰ পেঞ্চন বজাৰত অপৰিসীম সম্ভাৱনা আছে। আমি অহা ৫ বছৰৰ ভিতৰত শীৰ্ষ ৫টা প্ৰতিষ্ঠানৰ ভিতৰত স্থান লাভ কৰাৰ লক্ষ্য লৈছোঁ”, ডিএছপি পেঞ্চন ফাণ্ড মেনেজাৰ্ছৰ চিইঅ” ৰাহুল ভগতে এইদৰে কয়।