থাইলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পিছত ভাৰতীয় মহিলা ফুটবল দলটোৱে ফিফাৰ শেহতীয়া ৰেংকিঙত ৭ স্থান অগ্ৰগতিৰে ৬৩ নম্বৰ স্থান লাভ কৰে। এই জয়েৰে দলটোৱে ইতিহাস সৃষ্টি কৰাৰ লগতে এ এফ চি মহিলা এছিয়ান কাপতো স্থান লাভ কৰে। প্ৰায় দুবছৰৰ ভিতৰত ভাৰতীয় মহিলা দলৰ এয়া সৰ্বোচ্চ ৰেংকিং।
২০২৩ চনৰ ২১ আগষ্টত শেষবাৰৰ বাবে ৬১ নম্বৰ স্থান লাভ কৰিছিল দলটোৱে। কোৱালিফায়াৰৰ অন্তিমখন খেলত উচ্চ ৰেংকিঙৰ থাইলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে অৰ্হতাৰ জৰিয়তে মহাদেশীয় প্ৰতিযোগিতাত স্থান লাভ কৰে। দলটোত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে ঘৰুৱা স্থানত অনুষ্ঠিত এছিয়ান কাপৰ অন্তিম ছিজনৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল দলটোৱে।
মংগোলিয়াক ১৩-০ গ’লত পৰাস্ত কৰি অৰ্হতা অভিযান আৰম্ভ কৰি ভাৰতে টিমৰ-লেষ্টে (৪-০) আৰু ইৰাক (৫-০)ৰ বিৰুদ্ধে আকৰ্ষণীয় জয় লাভ কৰে। ইয়াৰ পিছতে মিডফিল্ডাৰ সংগীতা বাছফৰে দুটা গ’ল দি ভাৰতে থাইলেণ্ডৰ বিৰুদ্ধে ২-১ গ’লত স্মৰণীয় জয় লাভ কৰে।
