মেট্ৰ’ৰ দৰে সেৱা আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে ভাৰতীয় ৰেলৱেই। এতিয়া পৰা বৈধ টিকট থকা যাত্ৰীসকলেহে প্ৰৱেশ কৰিব পাৰিব ৰে’লৱে ষ্টেচনত।নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনত সংঘটিত পদপিষ্ট দৰে ঘটনাৰ পাছতে এই পদক্ষেপ গ্ৰহণ ভাৰতীয় ৰে’লৱেয়ে । গতিকে টিকট নোহোৱাকৈ ৰে’ল যাত্ৰা কৰাৰ অভ্যাস আছে যদি সাৱধান হওক ।উল্লেখ কৰাৰ প্ৰয়োজন যে সাধাৰণতে ৰে’ল ষ্টেচনৰ প্ৰস্তান গেটত টিকট পৰীক্ষক বা TTE য়ে টিকট পৰীক্ষা কৰে। টিকট অবিহনে যাত্ৰা কৰা যাত্ৰী ধৰা পৰিলে বিহা হয় জৰিমনা। মেট্ৰ’ৰ দৰে যদি টিকট পৰীক্ষণ ব্যৱস্থা ৰূপায়ণ হয়, তেন্তে প্ৰৱেশ আৰু প্ৰস্থান দুয়োখন গেটত কৰা হ’ব টিকট পৰীক্ষা ।
