আল্লানা গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান ইণ্ডিয়ান পাল্ট্ৰি এলায়েন্স(আইপিএ)-এ মূৰ্গীৰ উৎপাদন শক্তিশালী কৰাৰ লগতে সমগ্ৰ উত্তৰ-পূব বংগ আৰু চুবুৰীয়া অঞ্চলত এক নিৰ্ভৰযোগ্য যোগান নেটৱৰ্ক নিশ্চিত কৰাৰ বাবে বিহাৰত ৩০০ কোটি টকাৰ কৌশলগত বিনিয়োগৰ কথা ঘোষণা কৰিছে। ২০২৫ চনৰ ২৬ ডিচেম্বৰত ঘোষণা কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে পূব ভাৰতৰ প্ৰতিষ্ঠানিক আৰু গ্ৰাহক উভয় বজাৰৰ পৰা বৰ্ধিত চাহিদা পূৰণ কৰা। এই প্ৰকল্পটোৱে পূব ভাৰতৰ প্ৰথমটো সম্পূৰ্ণৰূপে সংহত কুকুৰা পালন কমপ্লেক্স স্থাপন কৰিব, যাৰ ভিতৰত আছে প্ৰজনন ফাৰ্ম, হেচাৰী, ফীড মিল, প্ৰছেচিং সুবিধা আৰু এটা ৰেণ্ডাৰিং প্ৰকল্প। আধুনিক সুবিধা কেন্দ্ৰটোৱে খাদ্য সেৱা অপাৰেটৰ, ই-কমাৰ্চ আৰু কুইক কমাৰ্চ প্লেটফৰ্মৰ লগতে বি২বি আৰু বি২চি চেনেললৈ স্বাস্থ্যসন্মতভাৱে পেক কৰা কুকুৰাৰ মাংস যোগান ধৰিব।
আইপিএ-য়ে কয় যে বিহাৰৰ শক্তিশালী কৃষি আধাৰ আৰু প্ৰধান ব্যৱহাৰ কেন্দ্ৰৰ সান্নিধ্যই যোগান শৃংখলৰ দক্ষতা উন্নত কৰিব আৰু সন্ধানযোগ্য, সুৰক্ষিত কুকুৰাৰ যোগান নিশ্চিত কৰিব। “ইয়াত বিনিয়োগ কৰাৰ আমাৰ সিদ্ধান্ত যোগানৰ নিৰ্ভৰযোগ্যতা শক্তিশালী কৰাতে সীমাৱদ্ধ নহয়। সমান্তৰালভাৱে জীৱিকা আৰু আৰ্থ-সামাজিক উন্নয়নত সহায়ৰ বিষয়টোও জড়িত হৈ আছে।”, আল্লানা গ্ৰুপৰ সঞ্চালক ফৌজ আলাৱীয়ে এইদৰে কয়।
এই বিনিয়োগে সমগ্ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত মূৰ্গীৰ উপলব্ধতা আৰু মূল্য স্থিৰ কৰিব বুলি আশা কৰা হৈছে, য’ত খুচুৰা বিক্ৰেতা আৰু ভেণ্ডৰসকলে প্ৰায়ে চুবুৰীয়া ৰাজ্যসমূহৰ যোগানৰ ওপৰত নিৰ্ভৰ কৰে। উন্নত লজিষ্টিক আৰু সংসাধন সামৰ্থ্যই নগৰীয়া গ্ৰাহকসকলৰ বাবে নিৰাপদ আৰু উন্নত মানদণ্ডৰ কুকুৰা পালন সামগ্ৰী নিশ্চিত কৰাত সহায় কৰিব পাৰে। এই প্ৰকল্পটোৱে জৈৱ সুৰক্ষা, পশু কল্যাণ আৰু বহনক্ষমতাৰ ক্ষেত্ৰত উচ্চ মানদণ্ডৰ প্ৰসাৰ ঘটোৱাৰ লগতে প্ৰায় ১৫০০ কৰ্মসংস্থাপন সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। আইপিএ-ই কয় যে ভাৰতৰ হাঁহ-কুকুৰাৰ মূল্য শৃংখল শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাক সমৰ্থন কৰিবলৈ কৃষক, কৰ্তৃপক্ষ আৰু অংশীদাৰসকলৰ সৈতে কাম কৰিব।
