২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰা ক্ৰীড়া সাফল্যক বৃহৎ উদযাপন কৰি জেএছডব্লিউ স্প’ৰ্টছ আৰু জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন বুদ্ধিমত্তাসম্পন্ন চিইউভি এমজি উইণ্ডছৰেৰে দেশৰ পদক বিজয়ীসকলক সম্বৰ্ধনা জনায়। এথলেটিকছৰ জেভেলিন নিক্ষেপ, পিষ্টল এণ্ড ৰাইফল শ্বুটিং, মল্লযুঁজ আৰু হকীৰ দৰে শাখাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা পদক বিজয়ীসকলক চণ্ডীগড়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অত্যাধুনিক বাহনখনৰ চাবি প্ৰদান কৰি সন্মানিত কৰা হয়।
ভাৰতীয় ইলেক্ট্ৰিক যাত্ৰীবাহী গাড়ীৰ বজাৰত মুকলিৰ লগে লগে এম জি উইণ্ডছৰে চেডানৰ আৰামৰ সৈতে এছ ইউ ভিৰ বিস্তৃত সংমিশ্ৰণেৰে ব্যৱসায়িক শ্ৰেণীত অনন্য অভিজ্ঞতা প্ৰদান কৰিছে। ভৱিষ্যতৰ ডিজাইন, বিশাল অভ্যন্তৰীণ অংশ আৰু উচ্চ প্ৰযুক্তিৰ বৈশিষ্ট্যৰে গ্ৰাহকক আকৰ্ষণীয় ড্ৰাইভিং আৰাম আৰু সুৰক্ষা প্ৰদান কৰে। মুকলিৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ১৫,০০০ৰো অধিক বুকিং লাভ কৰা উইণ্ডছৰে অক্টোবৰ মাহত সৰ্বাধিক বিক্ৰী হোৱা যাত্ৰীবাহী ইলেক্ট্ৰিক গাড়ী হিচাপে পৰিগণিত হয়। ইয়াৰ প্ৰতি ঘণ্টাত ৩৮ কিলোৱাট বেটাৰীয়ে এবাৰ চাৰ্জত ৩৩২ কিলোমিটাৰ ৰেঞ্জ প্ৰদান কৰে।
উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল জেএছডব্লিউ চিমেণ্ট এণ্ড জেএছডব্লিউ পেইণ্টছৰ পৰিচালন সঞ্চালক পাৰ্থ জিন্দাল আৰু জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াৰ চিইঅ “এমিৰিটাছ ৰাজীৱ চাবা, উপস্থিত বিশিষ্ট ব্যক্তিসকলে ভাৰতীয় ক্ৰীড়ালৈ ব্যতিক্ৰমী অৱদান আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অলিম্পিয়ানসকলক অভিনন্দন জ্ঞাপন কৰে। এমজি উইণ্ডছৰৰ এনে অনুষ্ঠানে গুৱাহাটীৰ লগতে সমগ্ৰ উঃ-পূবতে গুৰুত্বপূৰ্ণ আগ্ৰহ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। বহনক্ষম পৰিবহণৰ দিশত বৰ্ধিত পৰিৱৰ্তনৰ দ্বাৰা চালিত চহৰখনৰ বৈদ্যুতিক বাহনৰ বৰ্ধিত চাহিদা, উইণ্ডছৰৰ আবেদনৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখে। এমজি উইণ্ডছৰ বাহনখনৰ উন্নত বৈশিষ্ট্য আৰু বহনক্ষম ডিজাইনৰ সৈতে গুৱাহাটীৰ পৰিৱেশ-সচেতন গ্ৰাহকসকলৰ মাজত এক জনপ্ৰিয় পছন্দ হ’বলৈ সাজু হৈছে।