ভাৰতীয় দলৰ নামত থাকিল চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খিতাপ

7

ভাৰতীয় দলৰ নামত থাকিল চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খিতাপ। ডুবাইত অনুষ্ঠিত ফাইনেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি ট্ৰফী লাভ কৰে টীম ইণ্ডিয়াই। ট্ৰফীৰ লগতে ভাৰতীয় দলটোৱে কোটি কোটি টকা পুৰস্কাৰৰ ধন হিচাপে লাভ কৰে।উল্লেখযোগ্য যে ৯ মাহৰ ভিতৰতে দ্বিতীয়খন আই চি চি ট্ৰফী জয় কৰিবলৈ সক্ষম হ’ল ভাৰত। ৯ মাৰ্চত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত নিউজিলেণ্ডক পৰাস্ত কৰি টীম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফী ২০২৫ খিতাপ দখল কৰে। ইয়াৰ লগে লগে ১২ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে চেম্পিয়নছ ট্ৰফী।টীম ইণ্ডিয়াক চেম্পিয়ন হোৱাৰ বাবে ২২.৪ মিলিয়ন মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ২০ কোটি টকা দিয়া হৈছে। যিটো এই প্ৰতিযোগিতাত এতিয়ালৈকে দিয়া সৰ্বাধিক পুৰস্কাৰৰ ধন।