ধৰ্মীয় নিৰ্যাতনৰ পৰা হাত সাৰি ভাৰতলৈ অহা আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ অমুছলমানক কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সকাহ দিছে। গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশত কয় যে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সেইসকল লোকক পাছপ’ৰ্ট বা অন্যান্য ভ্ৰমণৰ নথি-পত্ৰ অবিহনেও দেশত থাকিবলৈ দিয়া হ’ব।
ইমিগ্ৰেচন আৰু বিদেশী আইন, ২০২৫ৰ অধীনত এই আদেশ জাৰি কৰা হৈছে।ইয়াৰ অধীনত বৈধ পাছপ’ৰ্ট আৰু ভিছা অবিহনে ভাৰতলৈ অহা বা নথি-পত্ৰৰ ম্যাদ উকলি যোৱাসকলক সকাহ দিয়া হ’ব। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত উল্লেখ আছে যে ধৰ্মীয় নিৰ্যাতন বা ইয়াৰ ভয়ৰ বাবে ভাৰতলৈ আহি ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে দেশত প্ৰৱেশ কৰা লোকসকলক পাছপ’ৰ্ট আৰু ভিছা থকাৰ নিয়মৰ পৰা ৰেহাই দিয়া হ’ব।
মন কৰিবলগীয়া যে CAA যোৱা বছৰ কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায় – হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান – ভাৰতলৈ আহিলে ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা আছে।
