অসমৰ মানকাচৰ জিলাৰ ঠাকুৰবাড়িত ভাৰত-বাংলাদেশ সীমান্তত মঙলবাৰে পুৱা ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু বাংলাদেশী ব’ৰ্ডাৰ গাৰ্ড (BGB) ৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ উঠিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বিএছএফে শূন্যলৈ চাৰি ৰাউণ্ড গুলী চলোৱা বুলিও জানিব পৰা গৈছে ।ভাৰত-বাংলাদেশৰ মাজত সম্পৰ্ক তিক্ত হৈ পৰাৰ মাজতেই এইবাৰ সীমান্তত দেখা গৈছে উত্তেজনা । নিতৌ কাঁইটীয়া তাঁৰৰ বেৰা পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা কৰি আহিছে বাংলাদেশীয়ে । সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত কাঢ়া নজৰ ৰখাৰ মাজতো সীমা পাৰ হোৱাৰ মৰসাহ কৰি আহিছে বাংলাদেশী নাগৰিকে ।পুৱা ভাৰতীয় কৰ্তৃপক্ষই অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা ১৪ গৰাকী বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশলৈ বিতাৰণৰ বাবে যো-জা চলাইছিল । সেই সময়তে বাংলাদেশী ব’ৰ্ডাৰ গাৰ্ডে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ জিৰো লাইনত এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰি বিতাৰণত বাধা দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ।এই উত্তেজনা যাতে সম্পূৰ্ণ সংঘৰ্ষলৈ পৰিণত নহয়, তাৰ বাবে বিএছএফৰ সৈন্যই শূন্যলৈ চাৰি ৰাউণ্ড গুলী বৰ্ষণ কৰে । ফলত বিজিবি জোৱান আৰু বাংলাদেশী নাগৰিকসকল পিছুৱাই যায় । পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে ।
