যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ বাসগৃহত বিস্ফোৰণ ঘটাই ভাৰতীয় সেনাই । ইয়াকে ধৰি ৪৮ ঘন্টাত ৬টা সন্ত্ৰাসবাদী ঘৰ ভাঙি পেলোৱা হয়।জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত আদনান শ্বাফি (১৮) নামৰ এজন সন্ত্ৰাসবাদীৰ ঘৰত বিস্ফোৰণ ঘটাই নিৰাপত্তাৰক্ষীয়ে। শনিবাৰে ফাৰুক আহমেদ নামৰ আন এজন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ ঘৰো ভাঙি পেলোৱা হৈছিল।
