ভাৰত চৰকাৰৰ দক্ষতা উন্নয়ন আৰু উদ্যোগীকৰণ মন্ত্ৰালয় আৰু অষ্ট্ৰেলিয়া চৰকাৰে ২১ আগষ্টত নতুন দিল্লীত “স্বাস্থ্য কৰ্মশক্তি প্ৰশিক্ষণ আৰু দক্ষতাৰ পথ বৃদ্ধি” সন্দৰ্ভত সফলভাৱে আয়োজন কৰে এক ঘূৰণীয়া মেজমেলৰ। এই অনুষ্ঠানটোত দুয়োখন দেশে নিজৰ নিজৰ প্ৰদৰ্শসমূহ উপস্থাপন কৰা হয়, য’ত স্বাস্থ্যসেৱা আৰু কেয়াৰ ৱৰ্কাৰ(যত্ন কৰ্মী)ৰ চাহিদা আৰু এই খণ্ডটোত দক্ষ প্ৰতিভাসমূহ এক পছন্দৰ উৎস হোৱাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়।
বৈঠকত আলোচনা কৰা বিষয়সমূহৰ ভিতৰত আছিল আন্তঃৰাষ্ট্ৰীয় গতিশীলতাৰ বাবে ব্যয় পৰিশোধপৰিশোধৰ সৈতে খৰচ-দক্ষ পৰীক্ষণ আৰ্হি, দ্বৈত ভাষা মূল্যায়ন, দক্ষতা প্ৰব্ৰজনৰ বাবে সুশৃংখলিত নিয়ামক প্ৰক্ৰিয়া, অভিজ্ঞতাৰ প্ৰয়োজনীয়তাৰ বাবে ব্ৰিটেইন-আয়াৰলেণ্ডৰ দৰে দৃষ্টিভংগী, দক্ষতাৰ সামঞ্জস্যৰ বাবে অষ্ট্ৰেলিয়াৰ সৈতে চাকৰিৰ ভূমিকা তালিকাভুক্ত কৰা, অনুকূলিত পাঠ্যক্ৰম, ভাৰতীয় কৰ্মশক্তিৰ অৰ্হতাৰ স্বীকৃতি, ভিছা সহজকৰণ, মূল্যায়ন ব্যয় হ্ৰাস আৰু নিযুক্তি সংস্থাসমূহৰ বাবে বজাৰ-চালিত ইনচেণ্টিভ। এই কেন্দ্ৰীভূত আলোচনাই স্বাস্থ্য কৰ্মশক্তিৰ প্ৰশিক্ষণ আৰু দক্ষতাৰ পথ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে, যাৰ ফলত ঘূৰণীয়া মেজমেলখন সহযোগিতামূলক প্ৰগতিৰ বাবে হৈ পৰে এক গুৰুত্বপূৰ্ণ মঞ্চ।
এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা ফ্ৰেমৱৰ্ক, সমগ্ৰ পৃথিৱীৰ স্বাস্থ্যসেৱাৰ নাটনি আৰু ইয়াৰ সমাধানৰ বাবে ভাৰতৰ প্ৰস্তুতি-তৎপৰতা সন্দৰ্ভত আলোচনা কৰে। তেওঁ অষ্ট্ৰেলিয়াত ভাৰতীয় কৰ্মশক্তিৰ প্ৰশিক্ষণৰ বাবে মূল্যায়ন ব্যয় আৰু বৃত্তি কাৰ্যসূচীৰ ওপৰত অষ্ট্ৰেলিয়াই গুৰুত্ব প্ৰদানৰ ওপৰত আলোকপাত কৰে।
