প্ৰথমবাৰৰ বাবে ভাৰতে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰগতিৰ বাবে এছডিজি তালিকাৰ ১৯৩খন দেশৰ ভিতৰত শীৰ্ষ ১০০ খন দেশৰ ভিতৰত স্থান লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ দশম আৰু শেহতীয়া বহনক্ষম উন্নয়ন প্ৰতিবেদন (SDR) অনুসৰি ভাৰতে ৬৭ পইণ্ট লাভ কৰি ২০২৫ চনৰ এছডিজি সূচকাংকত ৯৯ নম্বৰ স্থান দখল কৰাৰ বিপৰীতে চীনে ৭৪.৪ পইণ্টেৰে ৪৯ নম্বৰ স্থানত আছে আৰু আমেৰিকাই ৭৫.২ পইণ্টেৰে ৪৪ নম্বৰ স্থান লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০২৪ চনত ১০৯ নম্বৰ, ২০২৩ চনত ১১২ নম্বৰ, ২০২২ চনত ১২১, ২০২১ চনত ১২০, ২০২০ চনত ১১৭, ২০১৯ চনত ১১৫, ২০১৮ চনত ১১২, আৰু ২০১৭ চনত ১১৬ নম্বৰ স্থান দখল কৰিছিল ভাৰতে। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত ভূটানে ৭০.৫ পইণ্টেৰে ৭৪ নম্বৰ স্থান দখল কৰিছে, নেপালে ৬৮.৬ পইণ্টেৰে ৮৫ নম্বৰ স্থান দখল কৰিছে, আনহাতে বাংলাদেশে ৬৩.৯ পইণ্টেৰে ১১৪ নম্বৰ স্থানত আছে আৰু পাকিস্তানে ৫৭ পইণ্টেৰে ১৪০ নম্বৰ স্থানত আছে।
ভাৰতৰ সামুদ্ৰিক চুবুৰীয়া দেশ মালদ্বীপ আৰু শ্ৰীলংকা ক্ৰমে ৫৩ আৰু ৯৩ নম্বৰ স্থানত আছে। প্ৰতিবেদনত কয় যে বিশ্বজুৰি বহনক্ষম উন্নয়নৰ লক্ষ্যৰ দিশত অগ্ৰগতি স্থবিৰ হৈ পৰিছে। ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা ১৭টা লক্ষ্যৰ ভিতৰত মাত্ৰ ১৭ শতাংশহে ২০৩০ চনৰ ভিতৰত লাভ কৰিব। এই প্ৰতিবেদনৰ মুখ্য লেখক হৈছে বিশ্ববিখ্যাত অৰ্থনীতিবিদ জেফ্ৰি চেক্স। প্ৰতিবেদনত কোৱা হৈছে যে সংঘাত, গাঁথনিগত অভাৱ আৰু সীমিত পুঁজিয়ে বিশ্বৰ বহু ঠাইত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে। ইউৰোপীয় দেশসমূহ বিশেষকৈ নৰ্ডিক ৰাষ্ট্ৰসমূহে বহনক্ষম উন্নয়নৰ লক্ষ্য সূচকাংকত শীৰ্ষস্থান দখল কৰি আছে, ফিনলেণ্ডে প্ৰথম, ছুইডেন দ্বিতীয় আৰু ডেনমাৰ্ক তৃতীয় স্থানত আছে। শীৰ্ষ ২০খন দেশৰ ভিতৰত মুঠ ১৯খন দেশ ইউৰোপৰ।
জলবায়ু আৰু জৈৱ বৈচিত্ৰ্যৰ সৈতে জড়িত লক্ষ্যসমূহৰ ভিতৰত অন্ততঃ দুটা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো এই দেশসমূহে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি লেখকসকলে কয়। ২০১৫ চনৰ পৰা এছডিজিৰ অগ্ৰগতিৰ ক্ষেত্ৰত পূব আৰু দক্ষিণ এছিয়াই বিশ্বৰ আন সকলো অঞ্চলতকৈ বেছি প্ৰদৰ্শন কৰিছে, ইয়াৰ মূল কাৰণ হৈছে দ্ৰুত আৰ্থ-সামাজিক বিকাশ।
