আৰ্জেণ্টিনাৰ সৈতে ঐতিহাসিক চুক্তিৰ জৰিয়তে লিথিয়ামৰ আত্মনিৰ্ভৰতাৰ দিশে আগবাঢ়িছে ভাৰত

372

ভাৰত চৰকাৰে আৰ্জেণ্টিনাৰ সৈতে এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিছে, এই চুক্তিৰ জৰিয়তে লিথিয়ামৰ অন্বেষণ আৰু খননৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে প্ৰৱেশ বা বিনিয়োগৰ প্ৰয়াস কৰিছে। এই চুক্তিৰ অধীনত ১৫,৭০৩ হেক্টৰ ভূমিত বিস্তৃত ৫টা লিথিয়াম ব্ৰাইন ব্লকৰ অন্বেষণক সামৰি লোৱা হৈছে, যি কাৰ্বন নিৰ্গমন হ্ৰাস আৰু লিথিয়াম আমদানিৰ বাবে চীনৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কৌশলগত পদক্ষেপে ভাৰত-আৰ্জেণ্টিনাৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালী কৰাই নহয়, লগতে খনিখণ্ডৰ বহনক্ষম উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় চৰকাৰে এক বিবৃতিযোগে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে, “এই পদক্ষেপে এক নমনীয় আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান শৃংখল নিশ্চিত কৰিছে, যাৰ জৰিয়তে বিভিন্ন উদ্যোগৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ আৰু কৌশলগত খনিজ পদাৰ্থৰ বাবে সুকীয়া পৰিৱেশ গঢ়ি তুলিছে।”

পৰিৱেশগত প্ৰগতিৰ বাবে এক আধাৰশিলা ৰূপে বিবেচিত লিথিয়াম, যাক শক্তি ৰূপান্তৰৰ বাবে এক গুৰুত্বপূৰ্ণ খনিজ হিচাপে আখ্যা দিয়া হয়। মুখ্যতঃ বৈদ্যুতিক বাহন আৰু বেটাৰী শক্তি সংৰক্ষণ প্ৰণালীৰ বাবে গুৰুত্বপূৰ্ণ লিথিয়াম-আয়ন বেটাৰীক শক্তি প্ৰদান কৰে। ঘৰুৱা উৎসক সুৰক্ষিত কৰি ভাৰতে পৰম্পৰাগত ইন্ধনযুক্ত বাহনৰ জৰিয়তে হোৱা প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰাৰ লক্ষ্য বান্ধি লৈছে। এই চুক্তিৰ পূৰ্বে ভাৰতে প্ৰয়োজন পূৰণ কৰিবলৈ লিথিয়াম আমদানিৰ বাবে চীন, অষ্ট্ৰেলিয়া আৰু আৰ্জেণ্টিনাৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিছিল। এই নতুন চুক্তিৰ জৰিয়তে ভাৰতে এই গুৰুত্বপূৰ্ণ খনিজ ক্ষেত্ৰত চীনৰ আধিপত্যৰ পৰা মুক্ত হোৱাই নহয়, লগতে পৃথিৱীৰ লিথিয়াম খননৰ দৃশ্যপটত নিজকে অন্যতম ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।

ইয়াৰ সমান্তৰালভাৱে যোৱা ফেব্ৰুৱাৰী মাহত ভাৰত চৰকাৰে অন্বেষণৰ জৰিয়তে জম্মু-কাশ্মীৰৰ ৰিয়াছিত ৫৯ লাখ টন ৰিমাণৰ লিথিয়াম মজুত থকাৰ কথা ঘোষণা কৰিছিল। এই বিশাল পৰিমাণৰ লিথিয়াম এবাৰ কাৰ্যক্ষম হ’লে ঘৰুৱা যোগানে চীনৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা উল্লেখযোগ্যভাৱে হ্ৰাস কৰিব, যি লিথিয়ামৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এক যুগান্তকাৰী পৰিৱৰ্তন ৰূপে চিহ্নিত হৈছে।