বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হোৱা এক কৰুণ বিমান দুৰ্ঘটনাত কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভুক্তভোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে চিকিৎসা বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে। সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(এমইএ)-এ নিশ্চিত কৰে যে দলটোৱে আহতসকলৰ চিকিৎসাত সহায় কৰিবলৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী লৈ ৰাওনা হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় লগতে উল্লেখ কৰে যে প্ৰাৰম্ভিক গোটৰ তথ্য আৰু মূল্যায়নৰ ভিত্তিত অতিৰিক্ত চিকিৎসা দল ভাৰতে প্ৰেৰণ কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি প্ৰয়োজনৰ সময়ত বাংলাদেশক ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “ঢাকাত সংঘটিত এক শোকাৱহ বিমান দুৰ্ঘটনাত বহু যুৱ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাত গভীৰভাৱে মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। ভাৰতে চুবুৰীয়া বাংলাদেশৰ সৈতে এই স্পৰ্শকাতৰ সময়ত থিয় দিছে আৰু সম্ভৱপৰ সকলো সমৰ্থন আৰু সহায় আগবঢ়াবলৈ সাজু হৈ আছে।”
অসমৰ জিএমচিএইছ আৰু নেমকেয়াৰকে ধৰি গুৱাহাটীৰ প্ৰধান চিকিৎসালয়সমূহক ঢাকাৰ পৰা সম্ভাৱ্য ৰোগী স্থানান্তৰৰ বাবে সতৰ্ক কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। চহৰখনৰ চিকিৎসা পেছাদাৰীসকলে কয় যে প্ৰয়োজন হ’লে যিকোনো ধৰণৰ উন্নত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সাজু হৈ আছে, যিয়ে এই স্পৰ্শকাতৰ সময়ত চিকিৎসা সাহায্যত অঞ্চলটোৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰে। এই শোকাৱহ ঘটনাটোৱে সমগ্ৰ দক্ষিণ এছিয়াত ব্যাপক শোকৰ ছাঁ পেলাইছে আৰু সকলোৱে বাংলাদেশৰ কাষত ঠিয় দিছে।
