ফ্ৰান্সৰ লিয়নত আয়োজিত ৱৰ্ল্ডস্কিলছ ২০২৪লৈ ভাৰতে প্ৰেৰণ কৰিব সৰ্ববৃহৎ দল

124

ফ্ৰান্সৰ ঐতিহাসিক চহৰ লিয়নত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ৬০ জন যুৱ প্ৰতিভাই ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে, এই শুভ ক্ষণত মেগা প্ৰতিযোগিতাখনৰ জৰিয়তে ভাৰতে বিশ্ব মঞ্চত উল্লেখযোগ্য স্থান দখল কৰিবলৈ সাজু হৈছে। “অলিম্পিক গেমছ অৱ স্কিলছ” বুলি গণ্য কৰা এই অনুষ্ঠান ১০-১৫ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ’ব, ইয়াত ৭০খনতকৈও অধিক দেশৰ অংশগ্ৰহণকাৰীয়ে ৫২টা দক্ষতা শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে টীম ইণ্ডিয়াৰ বাবে এক বিশাল শুভকামনা অনুষ্ঠানৰ আয়োজন কৰিছে, এইবাৰৰ দলটো এই মেগা প্ৰতিযোগিতাখনলৈ যোৱা সৰ্ববৃহৎ দলবোৰৰ ভিতৰত অন্য়তম, যাৰ বাবেও বৃদ্ধি পাইছে উচাহ। টয়োটা কিৰ্লোস্কাৰ আৰু এলএণ্ডটিৰ দৰে উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ কঠোৰ প্ৰশিক্ষণৰ দ্বাৰা সমৰ্থিত এই দক্ষ ব্যক্তিসকলে সমগ্ৰ বিশ্বৰ শ্ৰেষ্ঠসকলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব। এই অনুষ্ঠানত নিৰ্মাণ, তথ্য প্ৰযুক্তি আৰু সৃষ্টিশীল কলাকে ধৰি বিভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰা ১,৪০০ৰো অধিক প্ৰতিযোগীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব।

দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ভাৰতীয় দলটোক লৈ যথেষ্ট আশা ব্যক্ত কৰে, শীৰ্ষ ১০টা স্থানত দেশৰ মান উজলাব বুলি আশাবাদী মন্ত্ৰী চৌধুৰী। “ৰাষ্ট্ৰৰ দৃষ্টিত আপোনালোক ইতিমধ্যে বিজয়ী হৈছে,” অংশগ্ৰহণকাৰীসকলক স্কিল ইণ্ডিয়া মিছনৰ ৰাষ্ট্ৰদূত হিচাপে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰি এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীজনে।

অসমৰ আঞ্চলিক বজাৰসমূহতো ৱৰ্ল্ডস্কিলছ ২০২৪ৰ প্ৰতি থকা উৎসাহ স্পষ্ট ৰূপত দেখা গৈছে। স্থানীয় উদ্যোগৰ নেতৃত্ববাহী আৰু শিক্ষানুষ্ঠানসমূহে ইয়াক বিশ্ব প্ৰতিভাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ হিচাপে গণ্য কৰিছে, যাৰ ফলত অঞ্চলটোৰ দক্ষতা বিকাশৰ পদক্ষেপসমূহ বৃদ্ধি পাব। টীম ইণ্ডিয়াৰ সফলতাই অসমৰ নতুন প্ৰজন্মৰ দক্ষ পেছাদাৰী ব্যক্তিক অনুপ্ৰাণিত কৰাৰ লগতে বৃত্তিমূলক প্ৰশিক্ষণ আৰু দক্ষ জনশক্তিৰ কেন্দ্ৰ হিচাপে ৰাজ্যখনৰ বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।