ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ এক নতুন প্ৰতিবেদন অনুসৰি ভাৰতে মুঠ বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান দখল কৰাৰ লগতে বাৰ্ষিক বনাঞ্চল বৃদ্ধিৰ ক্ষেত্ৰতো তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে। পৰিৱেশ মন্ত্ৰালয়ে কয় যে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতৰ বৃহৎ পৰিসৰৰ বনানীকৰণ আৰু জন-নেতৃত্বাধীন বন সংৰক্ষণৰ প্ৰচেষ্টাৰ সফলতা প্ৰতিফলিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে ভাৰতৰ দশম স্থানৰ পৰা নৱম স্থানলৈ উন্নীত হোৱাটো বহনক্ষম বন ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বৃহৎ সফলতা। বিশেষকৈ “এক পেড় মা কে নাম” পদক্ষেপৰ অধীনত বৃক্ষৰোপণৰ অভিযানত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি আৰু ৰাজ্য চৰকাৰৰ বৃহৎ পৰিসৰৰ অভিযানে এই অগ্ৰগতিত অৰিহণা যোগাইছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। যাদৱে ‘এক্স’ত লিখিছে-এয়া সকলো ভাৰতীয়ৰ বাবে অতি আনন্দৰ বিষয়। আমি বনাঞ্চলৰ ক্ষেত্ৰত বিশ্বজুৰি নৱম স্থান লাভ কৰিছো, যোৱাবাৰ দশম স্থানত আছিল।
বাৰ্ষিক বৃদ্ধিৰ ক্ষেত্ৰতো আমি বিশ্বজুৰি তৃতীয় স্থান বজাই ৰাখিছো। FAO এ বালিত গ্ল’বেল ফৰেষ্ট ৰিচ’ৰ্চ এচেছমেণ্ট (জিএফআৰএ) ২০২৫ আৰম্ভ কৰিছে। এফ এ অ’ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পৃথিৱীৰ মুঠ বনাঞ্চল ৪.১৪ বিলিয়ন হেক্টৰ, পৃথিৱীৰ ৩২ শতাংশ ভূ-পৃষ্ঠ সামৰি লৈছে। প্ৰতিবেদন অনুসৰি, বনাঞ্চলৰ আধাতকৈ অধিক (৫৪ শতাংশ) মাত্ৰ পাঁচখন দেশত কেন্দ্ৰীভূত হৈ আছে – ৰাছিয়া, ব্ৰাজিল, কানাডা, আমেৰিকা আৰু চীন। অষ্ট্ৰেলিয়া, ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো, ইণ্ডোনেছিয়াৰ পিছতে বিশ্বৰ শীৰ্ষ ১০খন বনাঞ্চল সমৃদ্ধ দেশৰ ভিতৰত ভাৰত আছে। ২০১৫ চনৰ পৰা ২০২৫ চনৰ ভিতৰত চীনত বাৰ্ষিক বনাঞ্চলৰ সৰ্বাধিক বৃদ্ধি হৈছে, যিটো বছৰি ১.৬৯ মিলিয়ন হেক্টৰ, তাৰ পিছতে ৰাছিয়ান ফেডাৰেচনে ৯৪২,০০০ হেক্টৰ আৰু ভাৰতত ১৯১,০০০ হেক্টৰ বনাঞ্চল বৃদ্ধি পাইছে।
উল্লেখযোগ্য বনাঞ্চল সম্প্ৰসাৰণ হোৱা আন দেশসমূহৰ ভিতৰত আছে তুৰস্ক (১১৮,০০০ হেক্টৰ), অষ্ট্ৰেলিয়া (১০৫,০০০ হেক্টৰ), ফ্ৰান্স (৯৫,৯০০ হেক্টৰ), ইণ্ডোনেছিয়া (৯৪,১০০ হেক্টৰ), দক্ষিণ আফ্ৰিকা (৮৭,৬০০ হেক্টৰ), কানাডা (৮২,৫০০ হেক্টৰ), আৰু ভিয়েটনাম (৭২,৮০০ হেক্টৰ)। এই মূল্যায়নত দেখা গ’ল যে ১৯৯০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বনাঞ্চল বৃদ্ধি পোৱা একমাত্ৰ অঞ্চল এছিয়া, য’ত চীন আৰু ভাৰতে সৰ্বাধিক অৰিহণা যোগাইছে। এফ এ অ’ই কয় যে এছিয়াত বনাঞ্চল সম্প্ৰসাৰণে বিশ্বৰ বনাঞ্চল ধ্বংস লেহেমীয়া কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে, আনহাতে দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত আটাইতকৈ বেছি বনাঞ্চল ধ্বংস হৈছে।
