ভাৰত আৰু পাকিস্তানৰ মাজৰ আইচিচি টি-২০ বিশ্বকাপ মেচক লৈ পুনৰ আলোচনা আৰম্ভ হৈছে। ৮ ফেব্ৰুৱাৰীত লাহোৰত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম আৰু আইচিচিৰ উপাঅধ্যক্ষ ইমৰাণ খোৱাজাৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বাৰ্তালাপক ভাৰতৰ বিৰুদ্ধে প্রস্তাৱিত মেচ বর্জনক লৈ সৃষ্টি হোৱা উত্তেজনা সমাধানৰ প্রয়াস হিচাপে গণ্য কৰা হৈছে৷ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত এই বৈঠক অনুষ্ঠিত হয়, য’ত ইমৰাণ খোৱাজা বিশেষভাৱে পিচিবিৰ বিষয়াৰ সৈতে আলোচনা কৰিবলৈ উপস্থিত হৈছিল।
বৈঠকৰ পিছতে কলম্বোত ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া হাই-ভল্টেজ ভাৰত-পাকিস্তান মেচখন আয়োজন কৰাৰ পথ মুকলি হ’ব পাৰে বুলি ইংগিত পোৱা গৈছে। আই চি চিত ছিংগাপুৰক প্ৰতিনিধিত্ব কৰা ইমৰাণ খোৱাজাক বিশ্ব ক্ৰিকেটৰ অন্যতম প্ৰভাৱশালী বিষয়া হিচাপে গণ্য কৰা হয়, যাৰ বাবে তেওঁৰ উপস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। সূত্ৰ অনুসৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলামো ভাৰতৰ বিৰুদ্ধে খেল খেলাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ পাকিস্তানক বুজাই দিয়াৰ লক্ষ্যৰে কৰা প্ৰচেষ্টাৰ অংশ। আমিনুল ইছলাম আৰু ইমৰাণ খোৱাজাক লাহোৰ বিমানবন্দৰত পিচিবিৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনোৱাৰ পিছত তেওঁলোকে পোনে পোনে গাদ্দাফি ষ্টেডিয়ামলৈ ৰাওনা হয়।
বাংলাদেশে নিৰাপত্তাজনিত চিন্তাৰ উদ্ধৃতি দি বিশ্বকাপৰ মেচসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছিল, যিটো অনুৰোধ আইচিচিয়ে নাকচ কৰিছিল। শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে ভাৰতৰ বিৰুদ্ধে খেলিব নোৱাৰাৰ সিদ্ধান্ত বাংলাদেশৰ সমৰ্থনত লোৱা হৈছে, কিয়নো আইচিচিয়ে মেচখন শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ অনুৰোধ মানি ল’বলৈ অস্বীকাৰ কৰিছিল। পিচিবি আৰু আইচিচিৰ মাজত আলোচনা অব্যাহত থকাৰ সময়তে ভাৰতৰ বিৰুদ্ধে খেলিব নে খেলিব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত পাকিস্তান চৰকাৰৰ ওপৰত নিৰ্ভৰশীল। আগন্তুক ৪৮ ঘণ্টাত পৰিস্থিতি অধিক স্পষ্ট হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।
