আইচিচি টি-২০ বিশ্বকাপত কালি নিশা ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানক ৬১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ সৈতে পইন্ট টেবুলত দুৰ্বল স্থিতিত উপনীত হৈছে পাকিস্তান। পাকিস্তানে এতিয়া তৃতীয় স্থানলৈ অৱনমিত হৈছে আৰু এই পৰাজয়ৰ পিছত বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হৈছে। আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এ-ত ভাৰত আৰু পাকিস্তানৰ লগতে আমেৰিকা, নামিবিয়া, আৰু নেদাৰলেণ্ড অন্তৰ্ভুক্ত। ইতিমধ্যে নামিবিয়া প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে ভাৰতে ছুপাৰ ৮ত নিজৰ স্থান নিশ্চিত কৰিছে।
তিনিখন মেচত তিনিখন জয়ৰে ৬ পইণ্ট লাভ কৰি গ্ৰুপ এ-ত প্ৰথম স্থানত আছে ভাৰতে।ইফালে আমেৰিকাই চাৰিখন মেচ খেলি দুখন জয় আৰু দুখন পৰাজয়, ৪ পইণ্টেৰে দ্বিতীয় স্থানত আছে। পাকিস্তানে এই পৰ্যন্ত তিনিখন মেচ খেলিছে, দুখন জয় আৰু এখন পৰাস্ত হৈছে। তেওঁলোকৰ চাৰি পইণ্ট আৰু নেট ৰান ৰেট -০.৪০৩। যদি পাকিস্তানে তেওঁলোকৰ অন্তিমখন খেলত নামিবিয়াৰ হাতত পৰাস্ত হয় তেন্তে তেওঁলোকৰ যাত্ৰা শেষ হ’ব। এই মেচত পাকিস্তানে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰিবলৈ বাছি লয়।
প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ১৭৫ ৰান সংগ্ৰহ কৰে, ঈশান কিষানৰ ৭৭ ৰান অৰ্জন কৰে । ইয়াৰ উত্তৰত পাকিস্তানে মাত্ৰ ১১৪ ৰানত অল আউট হয়। ভাৰতীয় বলাৰৰ বিৰুদ্ধে পাকিস্তানৰ বেটছমেনসকল অসহায় দেখা গৈছিল। প্ৰথম দুটা অভাৰতে পাকিস্তানৰ বেটিং দুৰ্বল কৰে যশপ্ৰীত বুমৰাহ আৰু হাৰ্দিক পাণ্ডিয়াই। ভাৰতৰ হৈ বুমৰা, পাণ্ডিয়া, বৰুণ চক্ৰৱৰ্তী, আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে কুলদীপ যাদৱ আৰু তিলক বৰ্মাই এটাকৈ উইকেট দখল কৰে।
