ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত বৃহৎ ফাট মেলিছে। ইয়াৰ প্ৰভাৱ ক্ৰীড়া ক্ষেত্ৰতো পেৰিছ। বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি) এ ঘোষণা কৰিছে যে টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ দলটো। আনহাতে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক তেওঁলোকৰ দলৰ খেলসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈও অনুৰোধ জনাইছে ব’ৰ্ডে। বিচিচিআইৰ নিৰ্দেশত বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা অপসাৰণ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিচিবিয়ে। এতিয়া আইচিচিয়ে সিদ্ধান্ত ল’ব বাংলাদেশৰ মেচ শ্ৰীলংকাত অনুষ্ঠিত হ’ব নে নহয়। ইউনুছ চৰকাৰৰ ক্ৰীড়া উপদেষ্টা (ক্ৰিড়া মন্ত্ৰী) আছিফ নাজৰুলেও এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি বিচিবিৰ সিদ্ধান্তক আদৰণি জনায়।
অহা ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত খেলৰ সূচী সলনি কৰাটো সহজ নহয়। ইতিমধ্যে সকলো দলৰ টিকট বুকিং কৰা হৈছে। বাংলাদেশৰ গ্ৰুপ পৰ্যায়ৰ চাৰিওখন খেল ভাৰতত অনুষ্ঠিত হ’ব। কলকাতাৰ ইডেন গাৰ্ডেনত তিনিখন আৰু মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত এখন খেল অনুষ্ঠিত হোৱা কথা। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে কয় যে ভাৰতত বাংলাদেশী খেলুৱৈৰ সুৰক্ষাৰ কথা বিবেচনা কৰি ব’ৰ্ডে চৰকাৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লৈছে যে দলটোৱে বিশ্বকাপৰ বাবে ভাৰতলৈ নাযায়। এই সন্দৰ্ভত ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈও আনুষ্ঠানিক ইমেইল প্ৰেৰণ কৰিছে। আমি দলটোৰ সকলো খেল শ্ৰীলংকাত আয়োজন কৰাৰ মনস্থ কৰিছো।
ইতিমধ্যে পাকিস্তানে টি-২০ বিশ্বকাপৰ বাবে শ্ৰীলংকালৈ মেচ স্থানান্তৰিত কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত ৰাজনৈতিক বিবাদৰ বাবে দুয়োটা দলে ইজনে আনজনৰ দেশত ক্ৰিকেট খেলা নাই। ভাৰতে যোৱা বছৰ পাকিস্তানত চেম্পিয়নছ ট্ৰফীৰ খেল খেলা নাছিল। এতিয়া পাকিস্তানেও ভাৰতত টি-২০ বিশ্বকাপৰ খেল খেলিব নোৱাৰিব। আনকি ভাৰত-পাকিস্তানৰ খেলখনো শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব। যদি বাংলাদেশৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰ কৰা হয়, তেন্তে বিতৰ্কৰ বাবে ভাৰতত বিশ্বকাপ খেলিব নোৱাৰা পাকিস্তানৰ দৰে বাংলাদেশ দলৰ ক্ষেত্ৰতো একেই হ’ব।
