ফ্ৰান্সত আয়োজিত ৱৰ্ল্ডস্কিলছ ২০২৪ৰ বাবে নতুন দিল্লীত পূৰ্ণ প্ৰস্তুতিৰে সাজু ভাৰত

120

ফ্ৰান্সৰ লিয়নত আয়োজিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগিতাত ভাৰতে চমকপ্ৰদ প্ৰদৰ্শনৰ কৰিবলৈ সাজু হৈছে, এই মেগা প্ৰতিযোগিতাখনত ৬০ গৰাকী ভাৰতীয় অংশগ্ৰহণকাৰীয়ে ৭০খন দেশৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৬১টা দক্ষতা শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। “দক্ষতাৰ অলিম্পিক” ৰূপে গণ্য কৰি অহা এই বিশ্বজোৰা অনুষ্ঠানত ভাৰতীয় প্ৰতিযোগীসকলে নিৰ্মাণ, উৎপাদন, তথ্যপ্ৰযুক্তি আৰু সৃষ্টিশীল কলাকে ধৰি বিভিন্ন খণ্ডত নিজৰ দক্ষতা-অভিজ্ঞতা প্ৰদৰ্শন কৰিব। ৫২গৰাকী ৱৰ্ল্ডস্কিলছ বিশেষজ্ঞৰ নিৰ্দেশনাত আৰু ১০০ৰো অধিক উদ্যোগ আৰু শৈক্ষিক অংশীদাৰৰ সহায়ত কঠোৰ প্ৰশিক্ষণ লাভ কৰা নিৰ্বাচিত দলটো ১ ছেপ্টেম্বৰত নতুন দিল্লীত হয়গৈ। এইসকল প্ৰতিযোগীৰ চূড়ান্ত প্ৰস্তুতি ৰূপে যোগাসন, মানসিক মূল্যায়ন আৰু পুষ্টিৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিয়া হ’ব যাতে সকলো প্ৰতিযোগীৰে অৱস্থা সঠিক আৰু সৰ্বোত্তম হোৱাটো নিশ্চিত হয়। অহা ৩ ছেপ্টেম্বৰত কৌশল ভৱনত অনুষ্ঠিত হ’বলগীয়া এই চেণ্ড অফ চেৰিমনীত দক্ষতা বিকাশ আৰু উদ্যমিতা তথা শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিব।

ৱৰ্ল্ডস্কিলছ ২০২৪ত ভাৰতৰ অংশগ্ৰহণে বৃত্তিমূলক দক্ষতাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা দায়বদ্ধতাক আকৌ এবাৰ প্ৰতিফলিত কৰিছে। ২০২২ৰ সংস্কৰণত ভাৰতে সৰ্বোচ্চ প্ৰদৰ্শন দাঙি ধৰি দুটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদককে ধৰি ১৩টা মেডেলিয়ন অৱ এক্সেলেন্স লাভ কৰি সামগ্ৰিকভাৱে ১১ নম্বৰ স্থান লাভ কৰে। এই মেগা প্ৰতিযোগিতাৰ আয়োজনে অসমতো উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে, কিয়নো ভাৰতীয় দলৰ অংশগ্ৰহণৰ দ্বাৰা অনুপ্ৰাণিত হৈ বৃত্তিমূলক প্ৰশিক্ষণ আৰু দক্ষতা বিকাশত বৰ্ধিত ব্যস্ততা-সুযোগৰ সম্ভাৱনা আছে। এই অনুষ্ঠানটোৱে দক্ষতা বিকাশ কাৰ্যসূচীত স্থানীয় পৰ্যায়ত আগ্ৰহ আৰু বিনিয়োগ বৃদ্ধি কৰিব, যাৰ জৰিয়তে অঞ্চলটোত নিয়োগৰ সম্ভাৱনা আৰু উদ্যোগৰ মানদণ্ড বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

ভাৰতীয় দলটোৱে ৬ ছেপ্টেম্বৰত ফ্ৰান্সৰ লিয়নলৈ ৰাওনা হ’ব। উল্লেখ্য যে, ইণ্ডিয়াস্কিলছ নেচনেলছ ২০২৪ত ২.৫ লাখৰো অধিক লোকে পঞ্জীয়ন কৰিছিল আৰু এক বিস্তৃত প্ৰস্তুতি প্ৰক্ৰিয়াৰ মাজেদি চূড়ান্ত বাচনি কৰি দলটো বাচি উলিওৱা হৈছে। ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম(এনএছডিচি)ৰ নেতৃত্বত চলি থকা এই পদক্ষেপৰ লক্ষ্য হৈছে বৃত্তিমূলক ক্ষেত্ৰত ব্যতিক্ৰমী প্ৰতিভাক প্ৰদৰ্শন আৰু লালন-পালন কৰা।