ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ২-০ ত ক্লিন ছুইপ কৰে। মঙলবাৰে দ্বিতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজক ৭ উইকেটত পৰাস্ত কৰে দলটোৱে। প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ১৪০ ৰানত জয়লাভ কৰিছিল। দিল্লী টেষ্টত ভাৰতক ১২১ ৰানৰ লক্ষ্য দিয়া হৈছিল, যিটো ভাৰতে তিনিটা উইকেটত অৰ্জন কৰিছিল। কে এল ৰাহুলে বাউণ্ডেৰী মাৰি জয় নিশ্চিত কৰে। ৫৮ ৰানত অপৰাজিত হৈ থাকে। অধিনায়ক হিচাপে প্ৰথমখন টেষ্ট শৃংখলাত জয়লাভ কৰিছে শুভমান গিলে।
ইয়াৰ এদিন পূৰ্বে ফ’ল’ অন খেলি থকা ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ৩৯০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। প্ৰথম ইনিংছত ভাৰতে ৫১৮ ৰান আৰু ৱেষ্ট ইণ্ডিজে ২৪৮ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতে ২৭০ ৰানৰ অগ্ৰগতি লাভ কৰিছিল। ভাৰতৰ প্ৰথম ইনিংছত অধিনায়ক শুভমান গিলে অপৰাজিত ১২৯ ৰান আৰু যশস্বী জয়ছৱালে ১৭৫ ৰান সংগ্ৰহ কৰে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছতো ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৫-২৭ ছিজনৰ বাবে পইণ্ট তালিকাত ৩ নম্বৰ স্থানত আছে।
দলটোৰ স্থিতি অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ পূৰ্বে ইংলেণ্ডত অনুষ্ঠিত পাঁচখন খেলৰ শৃংখলাত ভাৰতে ২-২ ত ড্ৰ’ কৰিছিল। এই ছিৰিজৰ এখন মেচ ড্ৰ’ হৈছিল। এই শৃংখলাৰ পিছত ভাৰতীয় দলৰ ৫৫.৫৬ শতাংশ পইণ্ট আছিল। দলটোৱে ৭খন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰাৰ লগতে দুখন খেলত পৰাস্ত হোৱাৰ বিপৰীতে এখন মেচত ড্ৰ’ হৈছে। ১৪ নৱেম্বৰৰ পৰা ঘৰুৱা ক্ষেত্ৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব।
