অপাৰেশ্যন সেন্দূৰৰ পাছতে ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। ইয়াৰ মাজতে খবৰ আহিছে যে পাকিস্তানে অমৃতসৰত মিছাইল নিক্ষেপ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত কাৰো একো ক্ষতি হোৱাৰ তথ্য আহি পৰা নাই ।বিশেষকৈ ভাৰতে লোৱা সিদ্ধান্তৰ পাছত পাকিস্তান ক্ষোভিত হৈ পৰিছে। চুবুৰীয়া ৰাষ্ট্ৰখনে একেৰাহে সীমান্তত গুলীচালনা কৰি আছে। পাকিস্তানৰ এনে আক্ৰমণৰ ফলত ১৫ জন সাধাৰণ ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ লগতে এজন সেনা জোৱান শ্বহীদ হোৱাৰ খবৰ আহি পৰিছে। অৱশ্যে পাকিস্তানৰ কু-কৰ্মৰ প্ৰত্যুত্তৰ দি গৈছে ভাৰতীয় সেনাই। এই সকলোবোৰৰ মাজতে বুধবাৰে পাকিস্তানৰ আন এক ষড়যন্ত্ৰ পোহৰলৈ আহে। বুধবাৰে নিশা জেঠুবালা, পান্ধেৰ খুৰদ, মাখানৱিন্দি আৰু দুধলা গাঁৱত বিস্ফোৰণৰ শব্দ শুনা যায় আৰু তাৰ পাছতে পাকিস্তানী ক্ষেপনাস্ত্ৰৰ টুকুৰা উদ্ধাৰ হয়। ইয়াৰ লগতে সেই স্থানৰ পৰা আন কিছুমান জ্বলা অংশও উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে। লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
