পাকিস্তানক আন এক আঘাত দিবলৈ সাজু হৈছে ভাৰত। এইবাৰ ভাৰতে জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ কৰিবলৈ ওলাইছে তুলবুল নেভিগেশ্যন প্ৰজেক্ট। কিন্তু কি এই তুলবুল প্ৰজেক্ট? যাৰ কেৱল নাম শুনিয়েই ভয়ত কঁপিছে পাকিস্তান।এয়া হৈছে জম্মু-কাশ্মীৰৰ ঝিলাম নদীৰ ওপৰত থকা নিয়ন্ত্ৰিত জল সংৰক্ষণ প্ৰকল্প। এই প্ৰকল্পৰ লক্ষ্য আছিল উলাৰ হ্ৰদৰ সমুখভাগত ৪৩৯ ফুট দীঘল আৰু ৪০ ফুট বহল বান্ধ নিৰ্মাণ কৰা, যাতে নাৱেৰে গোটেই বছৰটো ঝিলাম নদীত যাত্ৰা কৰিব পাৰে। বিশেষকৈ যেতিয়া পানীৰ স্তৰ কম হয়, সেই সময়ত নাও চলোৱাত যাতে কোনো সমস্যা নহয়। এই প্ৰকল্পৰ জৰিয়তে উলাৰ হ্ৰদত প্ৰায় ৩ লাখ একৰ-ফুট পানী জমা হ’ব, যাৰ ফলত বাৰামুল্লা আৰু শ্ৰীনগৰৰ মাজত যাতায়ত সহজ হ’ব। তথ্য অনুসৰি ইয়াৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত হোৱাই নহয়, জলসিঞ্চন আৰু বিদ্যুৎ উৎপাদনৰ বাবেও সুবিধা হ’ব।ইফালে এই প্ৰকল্পৰ বিৰোধিতাৰে পাকিস্তানে দাবী কৰিছে যে তুলবুল প্ৰকল্পৰ জৰিয়তে ভাৰতে ঝিলাম নদীৰ পানী বন্ধ কৰিব পাৰে, যিটো সিন্ধু জল চুক্তিৰ উলংঘা। ভাৰতে দাবী কৰিছে যে এই প্ৰকল্পটো জল সংৰক্ষণৰ বাবে নহয়, বৰঞ্চ নৌ পৰিবহণৰ বাবেহে। গতিকে ই চুক্তি পৰিসীমাৰ ভিতৰত পৰে।
