চেম্পিয়নছ ট্ৰফী ২০২৫ত আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ছেমি ফাইনেল খেলখন ।

আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত আৰু প্ৰচণ্ড প্ৰতিদ্বন্দ্বী অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ ।

৩খন খেলতে জয়লাভ কৰি ভাৰত এতিয়াও এই প্ৰতিযোগিতাত অপৰাজিত হৈ আছে ।এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে ৫০ অভাৰৰ ফৰ্মেটত দুয়োটা দল মুখামুখি হ’ব ।

এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ আজি খেলপথাৰত নামিব ভাৰতীয় দলটো ।