ভাৰত আৰু পাকিস্তানৰ উত্তেজনাকলৈ আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । ৫ মে’ সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই বিষয়ত ৰুদ্ধদ্বাৰ বৈঠক আয়োজন কৰিছে ।এই বৈঠকৰ সন্দৰ্ভত বিভিন্ন আলোচনা চলি আছে ।এই সময়ছোৱাত দুয়ো পক্ষই আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সন্মুখত নিজৰ মতামত দাঙি ধৰাৰ সুযোগ পাব।নিৰাপত্তা পৰিষদত মুঠ ১৫ জন সদস্য আছে। ইয়াৰে ৫ জন স্থায়ী সদস্য আছে যিয়ে ভেটোৰ অধিকাৰ লাভ কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হৈছে- আমেৰিকা, ৰাছিয়া, চীন, ফ্ৰান্স আৰু ব্ৰিটেইন। বাকী ১০ জন অস্থায়ী সদস্য যিসকল সময়ে সময়ে নিৰ্বাচিত হয়। এইবাৰ অস্থায়ী সদস্যৰ ভিতৰত আছে পাকিস্তান, গ্ৰীচ, ডেনমাৰ্ক, আলজেৰিয়া, গায়ানা, পানামা, দক্ষিণ কোৰিয়া, স্লোভেনিয়া, ছিয়েৰা লিয়ন আৰু ছোমালিয়া।
