ভি আই পিত বিজেপিৰ বিমানকোঠ মণ্ডলৰ কাৰ্যালয় শুভ উদ্বোধন

8

সমষ্টি পুনৰ গঠনৰ পিছত নতুনকৈ গঠন হোৱা বিজেপিৰ জালুকবাৰী সমষ্টিৰ চাৰিটা মণ্ডলৰ ভিতৰত আজাৰা ভি আই পিস্থিত বিমানকোঠ মণ্ডল সমিতিৰ অস্থায়ী কাৰ্যালয়টো আজি মাংগলিক কাৰ্যৰ মাজেৰে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে বিমানকোঠ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি তীৰ্থ মেধিৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজিৰ এই শুভ দিন তথা পহিলা মঘাৰ দিনত বিমানকোঠ মণ্ডল কাৰ্যালয়টো শুভ উদ্বোধন কৰা হ’ল। অস্থায়ী কাৰ্যালয় আজি শুভ-উদ্বোধন কৰা হৈছে যদিও অনাগত সময়ত স্থায়ীকৈ চাৰি মহলীয়া বিল্ডিং নিৰ্মাণ কৰা হ’ব। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৱল নেতৃত্বত দেশখন আগুৱাই লৈ গৈছে। যোৱা তিনিমাহ ধৰি ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন পৰ্ব চলি আছে। এই সংগঠন পৰ্বত ৰাজ্যৰ ৬২ লাখ লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে। ১২৬ টা সমষ্টিৰ ভিতৰত জালুকবাৰী সমষ্টিয়ে সৰ্বাধিক সদস্য পথ গ্ৰহণ কৰিছে বুলি ভাষণত কয়। লগতে দেশত ১২ কোটি লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে। পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী, লালকৃষ্ণ আদৱানী,৭ অটল বিহাৰী বাজপেয়ীয়ে বিজেপিৰ দলটোৰ প্ৰতি যি আপ্ৰাণ চেষ্টা চলাইছিল সেই কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে। ১৯৮০ চনৰ ডিচেম্বৰ মাহত অটল বিহাৰী বাজপেয়ীয়ে এটি কবিতা লিখি দলটোক এক আশাৰ ৰেঙনি যোগাইছিল। আনহাতে ১৯৮০ চনত ডিচেম্বৰ মাহত যোৰহাটত অধিবেশন অনুষ্ঠিত হৈছিল তাতে বিজেপিৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল অৱসৰপ্ৰাপ্ত কৰ্ণেল উমাকান্ত শৰ্মা । তেতিয়াৰ পৰা ক্ৰমান্বয়ে বিজেপিৰ ক্ৰামান্বয়ে অগ্ৰগতি লাভ কৰি আহিছিল। তেনেদৰে ২০২২ চনত গুৱাহাটীৰ বশিষ্ঠত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টো ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিছিল।

আনহাতে ভাৰতীয় জনতা পাৰ্টি দলে ২০১৬ চনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰে। তেতিয়াৰপৰাই ২০২৫ চনলৈকে বিজেপি দলে ৰাজ্যত নেতৃত্ব দি আছে। আনহাতে যোৱা লোকসভা নিৰ্বাচনত বিজেপি দলে ১১ খন আসন লাভ কৰি বিপুলভাৱে জয়লাভ কৰিছিল বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। লগতে বিজেপি দলৰ বাবে আমাৰ কাৰ্যালয় মন্দিৰৰ লগত তুলনা কৰিব পাৰো। বিজেপি দলে বিজেপি মণ্ডল, জিলা কাৰ্যালয় নিৰ্মাণ কৰিছে। সমান্তৰালভাৱে বুথ পৰ্যায়টো কাৰ্যালয় নিৰ্মাণ কৰাৰ চেষ্টা চলাই থকা হৈছে। কিয়নো দলৰ কথা কাৰ্যকৰ্তাসকলে কাৰ্যালয়ত আলোচনা কৰিব পাৰিব।দলটোৰ বাবে কাৰ্যালয় যিমান গুৰুত্ব আছে সেইদৰে কাৰ্যকৰ্তাৰো বেছি গুৰুত্ব আছে। আমাৰ ঘৰখনৰ বাবে যিদৰে দায়িত্ব থাকে তেনেদৰে দলৰ কাম কাজৰ প্ৰতিও আমাৰ দায়িত্ব থাকিব লাগে। যিটো দলত কাৰ্যসূচী নাথাকে সেই দলত এটা মৃত শৰীৰ বা আত্মা নাথাকে। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৃথিৱীৰ সকলোতকৈ সৰ্বশক্তিমান দল হিচাপে পৰিগণিত হৈছে।আমাৰ জালুকবাৰী সমষ্টিটো এটা উন্নত, বিকশিত লগতে সুন্দৰ সমষ্টি কৰি উন্নয়নৰ দিগন্ত লৈ লৈ যাম বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে বিজেপিৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় শতাধিক প্ৰাক্তন কংগ্ৰেছ, ছাত্ৰ নেতা, অগপকে ধৰি বহুকেইজন সমাজকৰ্মীয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ ড০ শৰ্মাই কয় যে– ৰাজ্যিক সভাপতিৰ নিৰ্বাচন অহা ১৭ জানুৱাৰীত সম্পন্ন হ’ব। ৰাজ্যিক সভাপতিৰ বাবে মনোনয়ন দাখিলৰ ১৬ জানুৱাৰী অন্তিম দিন। লগতে এখন মনোনয়ন পত্ৰ দাখিল হ’লে তেওঁৱেই হ’ব পৰৱৰ্তী সভাপতি। এখনতকৈ অধিক মনোনয়ন দাখিল হ’লে নিৰ্বাচনত অনুষ্ঠিত হ’ব বুলি কয়।

লগতে কাইলৈ সন্ধিয়া ৭ বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্র। উপস্থিত থাকিব কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া। লগতে উমৰাংছ’ৰ উদ্ধাৰ অভিযানৰ শেহতীয়া স্থিতি সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰত্যেক দিনাই প্ৰায় ১৭ টা মেচিনৰে পানী সিঁচি থকা হৈছে। কিন্তু অনুমান তলত পানীৰ সুতি থাকিব পাৰে সেই কাৰণে পুৰণা পানীৰ ঠাইত নতুন পানী আহি আছে বুলি কয়। আজি এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলা বিজেপিৰ সভাপতি তপন চন্দ্ৰ দাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে – প্ৰশান্ত মহন্ত, অনুপ কুমাৰ মেধি, অশোক কুমাৰ ভৰালী, গুৱাহাটী বিমানকোঠৰ প্ৰাক্তন মণ্ডল সভাপতি পদ্মেশ্বৰ মজুমদাৰ, ৰাণী মণ্ডলৰ প্ৰাক্তন সভাপতি হৰকান্ত নাথ উপস্থিত থাকে। আনহাতে আজাৰা ৰাজহুৱা সভাঘৰত ভোগালী বিহুৰ লগত সংগতি ৰাখি আন এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন দল – সংগঠনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰি বিভিন্ন সমস্যা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰে। বিভিন্ন সমস্যা সন্দৰ্ভত ড০ শৰ্মাই কয় যে, আজাৰাৰ ৰাজহুৱা শ্মশান, ৰাজহুৱা পুখুৰী, হৰিগায়ত্ৰী দাস মহাবিদ্যালয়ৰ উন্নয়ন, গোসাইঘৰ উন্নয়ন, পথৰ নলা উন্নয়ন, কালমণিৰ উন্নয়ন আদি দুমাহৰ ভিতৰত কৰি দিয়া কথা আশ্বাস প্ৰদান কৰে। লগতে আজাৰা অঞ্চলত চৰকাৰী ভুমি যদি আছে তেতিয়াহলে পৰৱৰ্তী সময়ত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত বিজেপিৰ বিমানকোঠ মণ্ডলৰ সভাপতি তীৰ্থ মেধিকে ধৰি কেবাজনো নেতা, বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।