আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী কংগ্ৰেছৰ সমান্তৰালভাৱে ৰাইজৰ দলেও বুধবাৰে ঘোষণা কৰিছে ১১টা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। এই তালিকাত মৰিয়নী সমষ্টিৰ বাবে ড৹ জ্ঞানশ্ৰী বৰাৰ নাম অন্তৰ্ভুক্ত কৰিছে দলে। দলীয় টিকট লাভ কৰাৰ পাছতেই বুধবাৰে নিশা জ্ঞানশ্ৰী বৰাই মৰিয়নী সমষ্টিত উপস্থিত হৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰে।
মৰিয়নীত উপস্থিত হৈয়েই জ্ঞানশ্ৰী বৰাই পোনপ্ৰথমে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৃহগাঁও চেলেংহাটৰ লুখুৰাসনত উপস্থিত হয়। তাত তেওঁ জাতীয় সাজপাৰ পৰিধান কৰি স্থানীয় নামঘৰত সেৱা লৈ মৰিয়নীৰ জ্বলন্ত সমস্যাসমূহ বিধানসভাৰ মজিয়াত উপস্থাপন কৰাৰ সংকল্প লয়। প্ৰাৰ্থিত্ব লাভৰ পাছত সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “মই কেৱল ৰাইজৰ হৈ কাম কৰিবলৈহে আহিছিলোঁ, কিন্তু মৰিয়নীবাসীৰ মৰম আৰু সঁহাৰিৰ বাবে আজি এই দায়িত্ব গ্ৰহণ কৰিছোঁ।”
বিশেষভাৱে চৰ্চিত হৈছে জ্ঞানশ্ৰী বৰাৰ মুখ্য প্ৰতিদ্বন্দ্বী তথা বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভত কৰা মন্তব্য। অগ্ৰজ হিচাপে কুৰ্মীৰ পৰাও আশীৰ্বাদ বিচাৰি জ্ঞানশ্ৰীয়ে কয়, “অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি মই অগ্ৰজজনৰ আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ দীৰ্ঘদিন ধৰি সমষ্টিটোক প্ৰতিনিধিত্ব কৰি যিখিনি কাম কৰিব নোৱাৰিলে, সেই অৰ্ধসমাপ্ত কামবোৰ সম্পূৰ্ণ কৰাই মোৰ মূল লক্ষ্য হ’ব।”
তেওঁ লগতে কয়, “মৰিয়নীৰ উৰণীয়া সেতু, স্বাস্থ্য, শিক্ষা, সীমা সমস্যা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি জ্বলন্ত বিষয়সমূহ সমাধানৰ হকে মই কাম কৰি যাম।”
উল্লেখ্য যে, ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক আদৰিবলৈ মৰিয়নীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। দলীয় কৰ্মীসকলে ঢোলে-ডগৰে আৰু আতচবাজী ফুটাই জ্ঞানশ্ৰী বৰাক উষ্ম আদৰণি জনায়। শাসকীয় বিজেপিৰ ৰূপজ্যোতি কুৰ্মী অথবা দুলেন নায়কৰ সৈতে জ্ঞানশ্ৰী বৰাৰ এই যুঁজ এতিয়া মৰিয়নীৰ ৰাজনীতিত এক বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।
