গুৱাহাটী মহানগৰীক দেশী – বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে। ইয়াৰ অংশহিচাপে আজি পুৱাৰে পৰা দূপৰীয়ালৈ জালুকবাৰী সম জিলাৰ অন্তৰ্গত জালুকবাৰী আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে মালিগাওঁ আৰক্ষী চকীৰ সহযোগত মালিগাঁৱৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰৰ উপৰিও কাষৰীয়া পাহাৰীয়া অঞ্চল আদিংগিৰী , মাধৱদেৱ নগৰ, কাকলাবাৰীত চুলাই মদ প্ৰস্তুত কৰা ভাটি আৰু বিক্ৰেতাৰ বিৰুদ্ধে এক অভিযান চলায়।
আনহাতে জালুকবাৰী সম জিলাৰ উপ আবকাৰী অধীক্ষক নয়ৰীতা বৰুৱাৰ তত্বাবধানত আবকাৰী চক্ৰৰ আবকাৰী পৰিদৰ্শক গোবৰ্ধন ডেকাৰ নেতৃত্বত আৰু মালিগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন বৰাৰ উপস্থিতিত চলোৱা অভিযানত ৪০ লিটাৰৰো অধিক চুলাই মদ আৰু চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় প্ৰায় ৯ হাজাৰ লিটাৰ পাছ , ৮০ কেজি ৰাইচ কেক, ১৪ টা বিভিন্ন ধৰণৰ সজুলি জব্দ কৰা হয়। অভিযানৰ উমান পাই চুলাই মদ প্ৰস্তুত কাৰ্যত জড়িত কেবাজনো লোক পলাই যাবলৈ সক্ষম হয় যদিওঁ আবকাৰী দলটোৱে এজন লোকক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়।
তেওঁৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ অধীনত গোচৰ ৰজু কৰি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে জব্দ কৰা চুলাই মদ আৰু পাছখিনী পাছত বিভাগীয় নিয়মানুসাৰে নষ্ট কৰি পেলোৱা হয়।
