২০২৩ৰ জুলাইত টাটা মটৰ্ছে বিক্ৰী কৰিলে ৮০,৬৩৩ ইউনিট বাহন

551

টাটা মটৰ্ছৰ বাহনৰ বিক্ৰী ২০২৩ চনৰ জুলাই মাহত ৮০,৬৩৩খনলৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ২০২২ চনৰ জুলাই মাহত বিক্ৰীৰ পৰিমাণ আছিল ৮১,৭৯০খন বাহন। মুঠ ঘৰুৱা বিক্ৰীৰ পৰিমাণ ২০২৩ৰ জুলাইত আছিল ৭৮,৮৪৪, তাৰ বিপৰীতে ২০২২ৰ জুলাইত আছিল ৭৮,৯৭৮।

বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এইছচিভি ট্ৰাকৰ ৱাইঅ’ৱাই বিক্ৰী জুলাই ২০২২ৰ পৰা জুলাই ২০২৩লৈ ১৪% আছিল আৰু আইএলএমচিভিৰ বাবে জুলাই ২০২২ আৰু জুলাই ২০২৩ৰ ভিতৰত ৱাইঅ’ৱাই বিক্ৰী আছিল ১১%। যাত্ৰীবাহী আৰু এছচিভি কাৰ্গো আৰু পিকআপ বাহন বিক্ৰীৰ পৰিমাণ ক্ৰমান্বয়ে ২৪% আৰু -১০% আছিল। ২০২৩ চনৰ জুলাই মাহত মুঠ চিভি বিক্ৰী হৈছিল ৩২,৯৪৪, ২০২২ চনৰ জুলাই মাহত এই পৰিমাণ আছিল ৩৪,১৫৪। ২০২৩ চনৰ জুলাই মাহত মুঠ পিভি বিক্ৰীৰ পৰিমাণ আছিল ৪৭,৬৮৯, ২০২২ চনৰ জুলাইত আছিল ৪৭,৬৩৬।

জুলাই ২০২৩ত এমএইচ তথা আইচিভিৰ ট্ৰাক আৰু বাছৰ ঘৰুৱা বিক্ৰীৰ পৰিমাণ আছিল ১৩,২৯১ ইউনিট, জুলাই ২০২২ত এই বিক্ৰীৰ পৰিমাণ আছিল ১২,০১২ ইউনিট। ২০২২ চনৰ জুলাই মাহত ১২,৯৭৪ ইউনিটৰ তুলনাত ২০২৩ চনৰ জুলাই মাহত এমএইচ এণ্ড আইচিভিৰ ট্ৰাক আৰু বাছকে ধৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ মুঠ বিক্ৰীৰ পৰিমাণ আছিল ১৩,৮৩০ ইউনিট।