অসমৰ পৰা কেবা হাজাৰ কিলোমিটাৰ আকাশী দূৰত্বত থকা সুদূৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সাগৰীয় উপকূলৰ বাট – পথ নিৰ্মাণ – মেৰামতি কাৰ্যকে ধৰি যাতায়াত ব্যৱস্থাৰ আন্তঃগাঠনি উন্নয়নৰ কাম – কাজ তদাৰক আৰু পৰিচালিত হব গুৱাহাটীৰ পৰা । বিশেষকৈ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই গুৰু দায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অৰ গুৱাহাটীৰ জালুকবাৰীৰ সমীপৰ লংকেশ্বৰস্থিত পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) কাৰ্যালযৰ ওপৰত । ইতিমধ্যে বি আৰ অ’ৰ পূব মণ্ডলৰ এ ডি জি জিতেন্দ্ৰ প্ৰসাদে কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা গৈ তাত তিনিদিন বাঁহৰ পাতি মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সাগৰীয় উপকূলৰ বাট – পথ আদি পৰিদৰ্শন কৰি শেহতীয়া যাতায়াত ব্যৱস্থাটোৰ বুজ লৈ আহিছে। উল্লেখ্য যে ভাৰতৰ সামুদ্ৰিক দিশৰ লগতে সাগৰীয় নিৰাপত্তাৰ দিশত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত উপকূলৰক্ষী বাহিনীৰ যাতায়ত ব্যৱস্থাটোক অধিক উন্নত কৰাৰ উদ্দেশ্যৰে তাত বাট – পথ, দলং আদিৰ নিৰ্মাণৰ দায়িত্ব ভাৰত চৰকাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ বি আৰ অ’ক অৰ্পণ কৰিছে। বি আৰ অ’ৰ ফালৰ পৰা পুষ্পক প্ৰকল্পৰ অধীনৰ ৪৬ বৰ্ডাৰ ৰোড টাস্ক ফৰ্ছ ( বি আৰ টি এফ ) ক তাত বাট – পথ, দলং নিৰ্মাণৰ কৰ্তৃত্ব অৰ্পণ কৰিছে।
আনহাতে পৰিদৰ্শনকালত এ ডি জি জিতেন্দ্র প্ৰসাদ প্ৰসাদে ৪৬ বি আৰ টি এফৰ কমাণ্ডাৰ কৰ্ণেল অনুৰাগ তালৱাৰৰ সৈতে পূৰ্বতে তাত থকা বাট পথ, দলং আদিৰ লগতে যাতায়াত ব্যৱস্থাটোৰ আন্তঃগাঠনি আদিৰ বুজ লয়। আনহাতে পৰিদৰ্শনকালত এ ডি জি জিতেন্দ্ৰ প্ৰসাদে আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ মুখ্য সচিব ডঃ চন্দ্ৰ ভূষণ কুমাৰ আৰু ভাৰতীয় উপকূল ৰক্ষী বাহিনীৰ মহা পৰিদৰ্শক নিৰজ তিৱাৰীক সৌজন্যমূলক সাক্ষাৎ কৰে। আনহাতে সাক্ষাৎকালত জিতেন্দ্ৰ প্ৰসাদে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সাগৰীয় উপকূলৰ বাট – পথ আদিৰ শেহতীয়া অৱস্থাৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি কিদৰে বাকী থকা বাট – পথ সমুহ নিৰ্মাণৰ লগতে মেৰামতি কাৰ্য সম্পন্ন কৰি যাতায়ত ব্যৱস্থাৰ আন্তঃগাঠনিৰ উন্নয়ন সাধন কৰা হব সেই বিষয়ে মত – বিনিময় তথা পৰ্যালোচনা কৰে। সাক্ষাৎকালত দুই শীৰ্ষ বিষয়াক এ ডি জি জিতেন্দ্ৰ প্ৰসাদে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে জম্মু – কাশ্মীৰৰ লেহ – লাডাখৰ পৰা আৰম্ভ কৰি হিমালয় পৰ্বতমালাৰ পাদদেশৰ হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম , অৰুণাচল প্ৰদেশ, মিজোৰাম আদি ৰাজ্যৰ লগত সংলগ্ন চীন অধিকৃত তিব্বত , ম্যানমাৰ আদি ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংযোগী সকলো বাট – পথৰ আন্তঃগাঠনি উন্নয়ন সাধন, পথ নিৰ্মাণ – মেৰামতি আদি কাৰ্য বি আৰ অ’ক প্ৰতিষ্ঠাকালৰে পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা বাহিনীটোৰ ওপৰত অৰ্পণ কৰিছিল। আনহাতে ২০১৫ – ১৬ চনত গুৱাহাটীৰ লংকেশ্বৰ পাহাৰৰ নামনিত বি আৰ অ’ৰ পূব মণ্ডলৰ মুখ্য কাৰ্যালয় স্থাপন কৰাৰ পাছত ছিকিমসহ উত্তৰ পূবৰ আঠখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যাতায়াত ব্যৱস্থাটোৰ আন্তঃগাঁথনি উন্নয়ন সাধনৰ দায়িত্ব পূব মণ্ডলক অৰ্পণ কৰিছিল । এতিয়া আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সাগৰীয় উপকূলৰ যাতায়াত ব্যৱস্থাটোৰ আন্তঃগাঁথনি উন্নয়নৰ দায়িত্ব প্ৰতিৰক্ষা মন্ত্ৰণালয়ে পূব মণ্ডলক অৰ্পণ কৰাৰ পাছত স্বাভাবিকতে আৰু অধিক দায়িত্ব বাঢ়িল গুৱাহাটীৰ লংকেশ্বৰত থকা পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ ।
