কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ে ৰেল যাত্ৰীৰ সুৰক্ষা আৰু আসনৰ স্বচ্ছতা বৃদ্ধিৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা, কোনো যাত্ৰীয়ে নিৰ্ধাৰিত বৰ্ডিং ষ্টেচনত উঠিবলৈ সক্ষম নহ’লে, চাৰ্ট প্ৰস্তুত কৰাৰ সময়ছোৱাত, টি টি ইয়ে এই আসন বাতিল কৰিব। ৰেলৰ প্ৰস্থান মুহূৰ্তত যি যাত্ৰীৰ আসন খালী, সেই তথ্য ‘নট টাৰ্ণ আপ’ বুলি অন্তর্ভুক্ত কৰা হব। নতুন ডিজিটেল ছফটৱেৰৰ মাধ্যমে খালী আসনৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰী কৰা হৈছে। এই পদক্ষেপৰ ফলত, ৱেইটিং লিষ্টৰ যাত্ৰীসকলক অধিক সুবিধা মিলিব, যিহেতু টি টি ইৰে খালী আসনৰ তথ্য আপলোড কৰাৰ লগে লগে সেই আসন অভ্যন্তৰীণভাৱে পৰৱৰ্তী যোগ্য যাত্ৰীলৈ বিতৰণ করা হব। যাত্ৰীসকলে ২৪ ঘণ্টা পূৰ্বে বৰ্ডিং ষ্টেচন সলনি নকৰিলে, আবণ্টিত আসন পুনৰ দাবী কৰাৰ সুযোগ নাথাকিব। ৰেলৱয়ে এই পদক্ষেপক আধুনিকীকৰণৰ শক্তিশালী সিদ্ধান্ত হিচাপে গণ্য কৰিছে, যাৰ প্ৰতিক্ৰিয়া ৰূপত আসন আবণ্টনৰ দুৰ্নীতি হ্ৰাস পাব আৰু প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ আৰু স্বচ্ছ হব বুলি আশা কৰা হৈছে।
